ডিব্ৰুগড় ,12 ডিচেম্বৰ: ভাৰত জোড়ো যাত্ৰাই আজি ভৰি দিলে 42 দিনত (Bharat jodo jatra at Dibrugarh) ৷ CAA আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধা জনাই সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় ভাৰত জোড়ো যাত্ৰা (Martyrs of CAA movement) । দেশ জুৰি চলা এই ভাৰত জোড়ো যাত্ৰা অসমত আৰম্ভ কৰা হৈছিল ধুবুৰীৰ পৰা ৷
এই ভাৰত জোড়ো যাত্ৰাই 42 টা দিন সম্পন্ন কৰাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় মানকটা খেলপথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল জনসভা ৷ ডিব্ৰুগড় মানকটা খেলপথাৰৰ পৰা বাহিৰ হয় এক বিশাল পদযাত্ৰা । পদযাত্ৰাৰ পূৰ্বে কা’ আন্দোলনৰ পাঁচ শ্বহীদলৈ শ্ৰদ্ধা জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছ নেতৃত্বই ।
কা’ বিৰোধী আন্দোলনত যোগদান কৰি প্ৰশাসনৰ গুলীত প্ৰাণ হেৰুওৱা দীপাঞ্জল দাস, আব্দুল আলী, ঈশ্বৰ নায়ক, ছেম ষ্টেফ’ৰ্ড, দীজেন্দ্ৰ পাংগিঙক স্মৰণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসম চুক্তিৰ আত্মাক হত্যা কৰা হৈছে (Citizenship amendment bill)। কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলেই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা হ'ব বুলি ইতিমধ্যে দলটো সংকল্পৱদ্ধ বুলি সভাপতিগৰাকীয়ে কয় (Citizenship amendment act) ।