অসম

assam

ETV Bharat / state

কৰ’ণাতংক: মৰাণত 15 দিনৰ বাবে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান

মৰাণত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী 15 দিনৰ বাবে সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়া পাপৰি বৰগোঁহাইৰ ৷ ইয়াৰোপৰি, শুকুৰবাৰে ঈদৰ সময়ত এজন মৌলবীয়ে নামাজ পঢ়িব আৰু বাকীসকলে নিজ ঘৰতে নামাজ পঢ়ি ঈদ উদযাপন কৰাৰ কথা উল্লেখ কৰে অতিৰিক্ত চক্ৰ বিষয়াগৰাকীয়ে ৷

religious-ceremonies-closed
মৰাণত বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান

By

Published : May 13, 2021, 6:51 PM IST

মৰাণ,13 মে’: ডিব্ৰুগড় জিলাৰ মৰাণত ক’ভিডত আক্ৰান্ত সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলস্বৰূপে কঠোৰ হৈ পৰিছে প্ৰশাসন ৷ সেই অনুসৰি বুধবাৰে মৰাণ ৰাজহ চক্ৰৰ অধীনৰ স্থানৰ সকলো ধৰ্মীয় অনুষ্ঠানৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় মৰাণ ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়া পাপৰি বৰগোঁহাইয়ে ।

মৰাণ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বৈঠকত পৰৱৰ্তী 15 দিনৰ বাবে মৰাণৰ সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰে অতিৰিক্ত চক্ৰ বিষয়াগৰাকীয়ে । লগতে তেওঁ চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনাসমূহ অৱগত কৰি দি সকলোৱে যাতে সহযোগ কৰে তাৰ আহ্বান জনায় ৷

মৰাণত বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান

আনহাতে, শুকুৰবাৰে ঈদ উপলক্ষে কেতবোৰ সিদ্ধান্তৰ সন্দৰ্ভত অতিৰিক্ত চক্ৰ বিষয়াগৰাকীয়ে কয় যে, ঈদৰ সময়ত মছজিদত এজন মৌলবীয়ে নামাজ পঢ়িব আৰু বাকীসকলে নিজ নিজ ঘৰতে নামাজ পঢ়ি ঈদ উদযাপন কৰিব । মঠ, মন্দিৰ, গীৰ্জা আৰু নামঘৰত কেৱল এজন লোককহে সোমোৱাৰ অনুমতি প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক :নতুন মুখ্যমন্ত্ৰীকলৈ আশাবাদী ৰাজ্যৰ ঋণগ্ৰস্ত মহিলা

ABOUT THE AUTHOR

...view details