অসম

assam

By

Published : Apr 10, 2020, 4:44 PM IST

Updated : Apr 10, 2020, 6:39 PM IST

ETV Bharat / state

লক ডাউনঃ খাদ্য সংকটে দেখা দিছে খোৱাঙৰ বৃহত্তৰ অঞ্চলত

লক ডাউনৰ সময়ছোৱাত আৰ্তজনক সহায় কৰিছে ব্য়ক্তিবিশেষৰ লগতে ৰাজ্য়ৰ বিভিন্ন দল-সংগঠনে ৷ সমান্তৰালকৈ চৰকাৰেও সাহায্য প্ৰদানেৰে সহায় কৰিছে দৰিদ্ৰ জনসাধাৰণক ৷ কিন্তু এতিয়ালৈকে কোনো সাহায্য প্ৰদান কৰা দল-সংগঠনৰ চকুত পৰা নাই খোৱাংবাসী ৷ চৰকাৰী সাহায্যৰ পৰাও বঞ্চিত হৈ আছে খোৱাঙবাসী ৷

Relief not get yet at khowang dibrugarh
চৰকাৰী সাহায্যৰ পৰা বঞ্চিত

মৰাণ,10 এপ্ৰিলঃলক ডাউনৰ সময়ছোৱাত আৰ্তজনৰ সহায়ৰ বাবে ওলাই আহিছে ৰাজ্যৰ বিভিন্ন গৰাকী ৷ একক অথবা যৌথ প্ৰচেষ্টাৰে আৰ্তজনক সহায় কৰিছে বহুলোকে ৷ সমান্তৰালকৈ চৰকাৰেও ঠায়ে ঠায়ে আগবঢ়াইছে সাহায্য ৷মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কলৌলোৱা গাওঁ পঞ্চায়তৰ অধীনৰ খোৱাঙবাসী আজিকোপতি বঞ্চিত হৈ আছে সাহায্য লাভৰ পৰা ৷ খোৱাঙৰ ৰঙালাও বজাৰৰ সমীপৰ চেৰেপাখাতিৰ প্ৰায় ৩০টাৰো অধিক পৰিয়ালে এতিয়া অনাহাৰে দিন অতিবাহিত কৰিবলগা হৈছে ৷ বানে ধোৱা অঞ্চলটোৰ প্ৰায়সংখ্যক পৰিয়ালৰে নাই জীৱিকাৰ সম্বল ।

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত খোৱাঙৰ জন সাধাৰণ

খৰালি ৰবি শস্যৰ খেতি কৰি কোনোমতে পেটৰ ভাত মুঠি যোগাৰ কৰে অঞ্চলটোৰ লোকসকলে ৷ সম্প্ৰতি দীঘলীয়া লক ডাউনৰ ফলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৰঙালাও বজাৰখন বন্ধ হৈ পৰাত সমস্যাত পৰিছে লোকসকল ৷ বৃহত্তৰ অঞ্চলটোৰ প্ৰায় সংখ্যক লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে ৷ ফলত অনাহাৰে দিন কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ দল-সংগঠনৰ উপৰিও স্থানীয় জন প্ৰতিনিধিৰ চকুত নপৰা অঞ্চলবাসীয়ে চৰকাৰক সাহায্য প্ৰদানৰ বাবে কৰযোৰে আহ্বান জনাইছে ৷

লগতে চাওকঃলক ডাউনৰ প্ৰভাৱত গছতে নষ্ট হৈছে কৃষকৰ উৎপাদিত শস্য

Last Updated : Apr 10, 2020, 6:39 PM IST

ABOUT THE AUTHOR

...view details