মৰাণ, ১৫ ফেব্ৰুৱাৰী : প্ৰেম অমৰ, প্ৰেম শ্বাশত, প্ৰেম হৈছে অন্তঃসলীলা, ফল্গুধাৰা । প্ৰেমৰ সংজ্ঞা দি যেনেদৰে শেষ কৰিব নোৱাৰি, ঠিক তেনেদৰে নিৰ্দিষ্ট সময়ৰ লেখ-জোখেৰেও প্ৰেমক বান্ধি ৰাখিব নোৱাৰি । সেয়ে হয়তে বিভিন্ন সময়ত, বিভিন্ন স্থানত অমৰ প্ৰেম কাহিনীৰ সৃষ্টি হৈ আহিছে আৰু সেই অমৰ প্ৰেমৰ দৃষ্টান্তই যুগ যুগান্তৰলৈ মানুহক অনাবিল প্ৰেমৰ বাবে উদ্বুদ্ধ কৰি আহিছে । এইখন অসমতো আছে তেনে এক অমৰ প্ৰেমৰ গাঁথা (immortal love stories of Assam) । তাহানিৰ আহোম ৰজা গদাপাণি আৰু ডালিমী অৰ্থাৎ নাপে ৱাংচাৰ অমৰ প্ৰেম কাহিনী আজিও জীৱন্ত হৈ আছে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী কানুবাৰীৰ নাপে ৱাংচাৰ মৈদাম ক্ষেত্ৰত ।
এতিয়াও এই অমৰ প্ৰেমক লৈ অৰুণাচলৰ ৱাংচা জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আছে বিভিন্ন প্ৰবাদ । অসমৰ কাষৰীয়া অৰুণাচল প্ৰদেশৰ কানুবাৰীৰ প্ৰৱেশ পথৰ সমীপতে এনে অমৰ প্ৰেম আৰু সমন্বয়ৰ এক প্ৰতীক হিচাপে জিলিকি আছে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী ডালিমীৰ মৈদাম বুলি অনুমান কৰা এডোখৰ ওখ ঠাই (Gadapani Dalimi immortal love story) । উল্লেখ্য যে ১৬৮১ খ্ৰীষ্টাব্দৰ পৰা ১৬৯৬ খ্ৰীষ্টাব্দ পৰ্যন্ত অসমত শাসন কৰা আহোম স্বৰ্গদেউ গদাধৰ সিংহই ইয়াৰ পূৰ্বে ল'ৰা ৰজাৰ আক্ৰোশৰ বলি হৈ নিজৰাজ্য ত্যাগ কৰি চুবুৰীয়া ৰাজ্য বৰ্তমানৰ অৰুণাচল, নাগালেণ্ড আদিত আত্মগোপন কৰি থাকিবলগীয়া হৈছিল (Ahom king Gadadhar Singha) ।
এই সময়ছোৱাত অৰুণাচলৰ ৱাংচা জনগোষ্ঠীৰ লোকসকলে তেওঁক যথেষ্ট আদৰ-যত্নৰ মাজেৰে তেওঁলোকৰ লগত থাকিবলৈ দিছিল । স্বৰ্গদেউ গদাধৰ সিংহই এই সময়ছোৱাত লগ পাইছিল বানফেৰা অঞ্চলৰ ৱাংচু ৰজাৰ কন্যা ৰাজকুমাৰী নাপে ৱাংচা ওৰফে ৰুণু ৰাজকুমাৰীক (Napee Wangcha Tsai Arunachal) । পৰৱৰ্তী সময়ত গদাধৰ সিংহই নিজ ৰাজ্যলৈ ঘূৰি আহি আহোম ৰাজত্বৰ দায়িত্ব গ্ৰহণ কৰে আৰু ৰাজকুমাৰী নাপে ৱাংচাক বিয়া কৰাই নিজৰাজ্যলৈ লৈ আহি ডালিমী নামেৰে সম্পূর্ণ ৰাণীৰ মৰ্যাদা প্ৰদান কৰি নিজৰ লগত ৰাখে (valentines day celebrated in Assam) ।
ডালিমীৰ নিজ ইচ্ছামতে তেওঁৰ মৃত্যুৰ পাচত মৃতদেহ অৰুণাচলৰ পৈতৃক গাঁৱলৈ নি বৰ্তমান অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ লাহদৈগড়ৰ কাষত মৈদাম দিয়া হয় । অসমীয়া আৰু অৰুণাচলী লোকসকলৰ সমন্বয়ৰ প্ৰতীক আৰু গদাপাণি-ডালিমীৰ অমৰ প্ৰেমৰ প্ৰমাণ হিচাপে আজিও উক্ত ঠাইত আছে ডালিমীৰ এই মৈদামটো ।