অসম

assam

ETV Bharat / state

ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিক লৈ কিমান সুখী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ? - Assam Government completes one year

মঙলবাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে (Assam Government led by Himanta Biswa Sarma completes one year) । ধুমধামেৰে পালন কৰা হ’ল ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ কিন্তু চৰকাৰৰ বৰ্ষপূৰ্তিক লৈ কিমান সুখী ছাত্ৰ সমাজ ? চাওক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই বিষয়ত কি কয়(Reaction of Dibrugarh university's students in One year completion of Assam government) ?

reaction-of-dibrugarh-universitys-students-in-one-year-completion-of-assam-government
ডিব্ৰুগড় বিশ্ববিদ্যালয়

By

Published : May 11, 2022, 9:40 AM IST

Updated : May 11, 2022, 9:52 AM IST

মৰাণ, 11 মে’ :ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সম্পূৰ্ণ কৰিলে এবছৰ(Assam Government led by Himanta Biswa Sarma completes one year) ৷ ৰাজ্য চৰকাৰে ইয়াৰ লগত সংগতি ৰাখি মহানগৰীত অনুষ্ঠিত কৰা বৰ্ষপূৰ্তিৰ অনুষ্ঠান সন্দৰ্ভত বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ বিশেষকৈ ৰাজ্য চৰকাৰে বিগত এবছৰে কৰা কাম-কাজৰ সন্দৰ্ভত বাৰুকৈয়ে চৰ্চিত হৈছে বিভিন্ন মহলত ৷

অসম চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ অনুষ্ঠান

শাসনৰ বাঘজৰী গ্ৰহণ কৰাৰ পিছতে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে ৰাজ্য চৰকাৰৰ এবছৰীয়া কাৰ্যকালৰ ভিতৰত প্ৰায় এক লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব ৷ ইয়াৰ লগতে আন কেইবাটাও প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱচামৰ বাবে ঘোষণা কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মুখ্যমন্ত্ৰী ড৹ শৰ্মা চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ ক্ষণত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া(Reaction of Dibrugarh university's students in One year completion of Assam government) ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, বিধায়কক শুভেচ্ছা জনাই বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কয় যে, আন্তঃগাঁথনিমূলক কিছু উন্নয়ন কৰাত চৰকাৰখন সফল হৈছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূর্ণকৈ বিফল হৈছে ৷ আনহাতে নিবনুৱাক চাকৰি প্ৰদানৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতিও আজি আধৰুৱা হোৱা দেখা গৈছে ৷ আনফালে, আন একাংশ ছাত্ৰই আকৌ বিশ্ববিদ্যালয়খনৰ উন্নীতকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা দেখা যায় ৷

লগতে চাওক:অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰাৰ পাছতে মৰাণত আনন্দৰ জোৱাৰ

Last Updated : May 11, 2022, 9:52 AM IST

ABOUT THE AUTHOR

...view details