ডিব্ৰুগড়,20 আগষ্ট: সদৌ অসম ছাত্ৰ সন্থাৰ নতুনকৈ গঠন হ’বলগীয়া ৰাজনৈতিক দল সম্পৰ্কত অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত সাংবাদিকে আছুৰ ৰাজনৈতিক দল, সদ্যঘোষিত পৰামৰ্শ দাতা কমিটি সম্পৰ্কে প্ৰতিক্ৰিয়া কি বোলা প্ৰশ্নৰ উত্তৰত পৰোক্ষভাৱে উত্তৰ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰী সোণোৱালে জাতি-মাটি-ভেটিৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত বিজেপিয়ে কৰা কামৰ খতিয়ান দাঙি ধৰি এইয়াই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ বুলি প্ৰকাশ কৰে । আছুক পোনপটীয়াকৈ আক্ৰমণ নকৰি পৰৱৰ্তী সময়ত অসমৰ ৰাইজে পুনৰ বিজেপিৰ কাষতেই ঠিয় দিয়াৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ অৰ্থাৎ পৰৱৰ্তী নিৰ্বাচনত বিজেপিয়েই চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷