মৰাণ, ২৯ নৱেম্বৰ:ভয়াৱহ ৰেগিঙৰ ঘটনাই জোঁকাৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক (Ragging incident at Dibrugarh University) ৷ কেইজনমান উদণ্ড ছাত্ৰই কালিমা সানিলে এই বিশ্ববিদ্যালয়খনৰ সোণালী ইতিহাসত । উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Reactions across the Assam)। ৰাজ্য কঁপাই যোৱা এই ৰেগিংকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে আপৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে (Press conference of Chatra Yuva Sangram Samiti) ।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ চৰম অৱহেলাত এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে । মঙলবাৰে ডিব্ৰুগড়ত আয়োজিত এক সংবাদমেলত ৰেগিংকাণ্ডক গৰিহণা দিয়ে সংগঠনটোৰ ৰাজ্যিক নেতৃত্বই । ৰেগিংকাণ্ডৰ পাছতেই চিকিৎসালয়ত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত আনন্দ শৰ্মাৰ স্বাস্থ্য খবৰ লৈ আপৰ ডিব্ৰুগড় কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক নেতৃত্বই ।
সংগঠনটোৰ ৰাজ্যিক যুটীয়া সম্পাদক দ্বীপজ্যোতি গগৈয়ে উক্ত সংবাদমেলত কয়,"ৰাজ্যৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহত এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈ থকাৰ মূল কাৰণেই হ'ল কৰ্তৃপক্ষৰ গুৰুত্বহীনতা ।" তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিংকাণ্ড সংঘটিত কৰোৱা মূল অভিযুক্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাহুল চেত্ৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় (CYSS demand punishment of Culprit) । তেওঁ লগতে উক্ত ঘটনাৰ লগত জড়িত প্ৰতিজনৰে কঠোৰ শাস্তিৰ দাবী জনায় । সংগঠনটোৰ ৰাজ্যিক যুটীয়া সম্পাদকজনে ভুক্তভোগী আনন্দ শৰ্মাৰ উন্নত চিকিৎসা ব্যৱস্থা কৰিবলৈ দাবী জনায় ।