টিংখাং,3 নৱেম্বৰ:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবীক লৈ তোলপাৰ ৰাজ্য ৷ প্ৰায় প্ৰতিগৰাকী ৰাজনৈতিক নেতা তথা জন প্ৰতিনিধিয়ে এই সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ শেহতীয়াকৈ মিঞা সংগ্ৰহালয় স্থাপনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টিংখাঙৰ বিধায়ক তথা বিজেপি দলৰ নেতা বিমল বৰাই । টিংখাঙত মঙলবাৰে সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷
মিঞা সংগ্ৰহালয় স্থাপন: কি ক’লে বিমল বৰাই - বিমল বৰা
সম্প্ৰতি মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ প্ৰায় প্ৰতিগৰাকী ৰাজনৈতিক নেতাই ৷ শেহতীয়াকৈ টিংখাঙৰ বিধায়ক তথা বিজেপি দলৰ নেতা বিমল বৰায়ো এই সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।
বিমল বৰা
এই সন্দৰ্ভত বিমল বৰাই এনেদৰে কয়, অসমত বিজেপি চৰকাৰ শাসনৰ গাদীত থকালৈকে কেতিয়াও মিঞা বিদ্যালয়, মিঞা সংগ্ৰহালয়ে বাস্তৱ ৰূপ লাভ নকৰে ৷ একাংশ ৰাজনেতিক শক্তিয়ে বিৰোধী দল কংগ্ৰেছক কৰা তোষামোদৰ ফলতে এনে দাবী উত্থাপন কৰিবলৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে সাহস পালে বুলি কটাক্ষ কৰে বিজেপিৰ বিধায়কগৰাকীয়ে ৷
লগতে চাওকঃলিডুত উদ্ধাৰ দুস্প্ৰাপ্য জীৱ