মৰাণ, ২৬ আগষ্ট : অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগলৈ এক আশাৰ বতৰা (ray of hope to small tea growers of Assam) । শীঘ্ৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ আশ্বাস ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বড়াৰ (problems of small tea growers) । অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগটোক এক নতুন গতি প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ তৰফৰ পৰা এক নতুন চাহ নীতি প্ৰস্তুত কৰাৰ কথা ঘোষণা মন্ত্ৰী বিমল বড়াৰ (Minister Bimal Bora declared new tea policy) ।
উক্ত চাহ নীতিৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ বাগিচাৰ পুৰণি চাহগছ উভালি নতুনকৈ চাহগছৰ পুলি ৰোপণ কৰিব পাৰিব । তাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাতৰ যাতে উচিত মূল্য লাভ কৰিব পাৰে তাৰ বাবেও কেতবোৰ নতুন আঁচনি গ্ৰহণ কৰাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (Industrial Minister of Assam Bimal Bora) । এই আঁচনিৰ অধীনত ৰাজ্যত ক্ষুদ্ৰ চাহ খেতিয়কসকলে সমবায় ভিত্তিত ক্ষুদ্ৰ আৰু বৃহৎ চাহ কলঘৰ স্থাপন কৰিব পাৰিব বুলিও প্ৰকাশ মন্ত্ৰী বিমল বড়াৰ ।