ডিব্ৰুগড়,22 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ শুনানিক লৈ শংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ সমান্তৰালকৈ নিৰাপত্তা ব্যৱস্থাকলৈয়ো উদ্বিগ্ন চৰকাৰখন। ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে চাবুৱাতো নিৰাপত্তাৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। লগতে নিৰাপত্তাৰক্ষীৰ বিশেষ বাহিনী মোতায়েন কৰা হৈছে চাবুৱাত ।
সুৰক্ষাজনিত স্বাৰ্থত চাবুৱাত মোতায়েন ৰেপিড’ এক্সন ফ’ৰ্চ - নাগৰিকত্ব সংশোধনী আইনৰ শুনানি
নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি ৰাজ্যত সুৰক্ষা বৃদ্ধি কৰিছে প্ৰশাসনে ৷ অন্য প্ৰান্তৰ দৰে চাবুৱাত পৰিস্থিতি অপৰিৱৰ্তিত ৰখাৰ উদ্দেশ্যে প্ৰশাসনে মোতায়েন কৰিছে ৰেপিড’ এক্সন ফ’ৰ্চ ৷
দৰাচলতে বিগত সময়ত নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ প্ৰতিবাদৰ সন্মুখীন হৈছিল প্ৰতিগৰাকী চৰকাৰৰ প্ৰতিনিধি ৷ প্ৰতিবাদে অগ্নিগৰ্ভা ৰূপ ধাৰণ কৰিছিল খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত । তদুপৰি প্ৰতিবাদত জ্বলাই দিয়া হৈছিল বিধায়ক বিনোদ হাজৰিকাৰ ঘৰকে ধৰি চক্ৰ বিষয়াৰ কাৰ্যালয়,বেংক,ৰে’ল ষ্টেচনৰ লগতে যান বাহন ইত্যাদি ৷ সেইসূত্ৰে চাবুৱাত মোতায়েন কৰা হৈছে বিশেষ ৰেপিড’ এক্সন ফ’ৰ্চ ৷ বুধবাৰৰ দিনটোত সাম্ভাব্য যিকোনো অঘটনৰ আশংকাত প্ৰশাসনে মজুত কৰিছে এই নিৰাপত্তা ব্যৱস্থা। উল্লেখ্য যে,বুধবাৰৰ দিনটোত নাগৰিকত্ব সংশোধনী আইনৰ শুনানিৰ বাবেই ডিব্ৰুগড়ত একপ্ৰকাৰে বন্ধৰ পৰিৱেশ সৃষ্টি হৈছে ৷ জিলাখনৰ প্ৰান্তে প্ৰান্তে ব্যৱসায়িক প্ৰতিষ্ঠান,যানবাহন আদিৰ চলাচল বন্ধ হোৱাৰ লগতে শিক্ষানুষ্ঠান সমূহো বন্ধ থাকে বুধবাৰৰ দিনটোত ৷