অসম

assam

ETV Bharat / state

টিংখাঙত পৰ্যটন বিভাগৰ উদ্যোগত ৰঙালী উৎসৱ ২০২২ - দুদিনীয়া কাৰ্যসূচীৰে টিংখাঙত ৰঙালী উৎসৱ 2022

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা ৰঙালী উৎসৱ(Rangali Utsav 2022 held at Tingkhong) ৰ মঙলবাৰে সামৰণি পৰিব ৷ সোমবাৰে ৰঙালী উৎসৱ 2022 ৰ উদ্বোধন কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ৷

rangali-utsav-2022-held-at-tingkhong
টিংখাঙত পৰ্যটন বিভাগৰ উদ্যোগত ৰঙালী উৎসৱ ২০২২

By

Published : Apr 12, 2022, 2:04 PM IST

মৰাণ, 12 এপ্ৰিল :ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যজুৰি অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা, প্ৰাক ৰঙালী উৎসৱ আদি ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টিংখাঙত পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ৰঙালী উৎসৱ 2022(Rangali Utsav 2022 held at Tingkhong) ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা ৰঙালী উৎসৱৰ মঙলবাৰে সামৰণি পৰিব ৷ সোমবাৰে ৰঙালী উৎসৱ 2022 ৰ উদ্বোধন কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ৷

টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ প্ৰথমদিনা ৰচী টনা, কণী যুঁজ, হাঁহ ধৰা আদি পৰম্পৰাগত খেল অনুষ্ঠিত হয় ৷ লগতে অসমীয়া পৰম্পৰাগত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী, অসমীয়া থলুৱা খাদ্য সম্ভাৰ, মুখা বনোৱা আৰু চিত্ৰকলাৰ কৰ্মশালা, কুইজ প্ৰতিযোগিতা আদিও অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে 5,000 ঢুলীয়া আৰু নাচনীৰ নৃত্য প্ৰদৰ্শনেৰে মুখৰিত হ'ব টিংখাঙৰ আকাশ-বতাহ ৷

টিংখাঙত পৰ্যটন বিভাগৰ উদ্যোগত ৰঙালী উৎসৱ ২০২২

তদুপৰি সন্ধিয়ালৈ বিশাল মণ্ডপত সমাহাৰ ঘটিব আগশাৰীৰ শিল্পী তথা কলা-কুশলীৰ ৷ মঙলবাৰে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, যতীন বৰা, সীমান্ত শেখৰ, বিপিন চাউদাং, প্ৰিয়ংকা ভৰালী, চিত্ৰশিল্পী শান্তনু হাজৰিকা, দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানকে ধৰি ৰাজ্যৰ একুৰিৰো অধিক জনপ্ৰিয় শিল্পী, অভিনেতা-অভিনেত্ৰীয়ে ৷ তদুপৰি বৰপেটাৰ আতচবাজী প্ৰদৰ্শন কৰিও আন এক নান্দনিক পৰিৱেশ সৃষ্টি কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে উদ্যোক্তাসকলে ৷

লগতে চাওক:Shruti Haasan Assam visit: ৰঙালী বিহু উদযাপন কৰিবলৈ অসমলৈ আহিব শ্ৰুতি হাছান

ABOUT THE AUTHOR

...view details