ডিব্ৰুগড়, 29 এপ্ৰিল: ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে ৰঙালী বিহু ৷ টিংখাঙৰ লেঙেৰীত ৰঙালী উৎসৱৰ মহা আয়োজন ৷ ৪, ৫, আৰু ৬ মে' তাৰিখে টিংখাঙৰ লেঙেৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰঙালী উৎসৱ ৷ লেঙেৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত "ৰঙালী-TINGKHANG 2023" "Northeast - A Cultural Melting Pot" শীৰ্ষক উত্তৰ-পূৱৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰেৰে আয়োজন কৰিবলৈ লোৱা হৈছে এক বিশেষ অনুষ্ঠান ৷ এক সংবাদমেলযোগে এই কথা সদৰী কৰিলে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ৷ অনুষ্ঠানক লৈ এতিয়া ব্যাপক প্ৰস্ততি চলিছে টিংখাঙত (Rangali Tingkhong 2023 to be Celebrated at Lengeri) ৷
এই বিশেষ অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ গীত-মাত, লোক-নৃত্য, পৰম্পৰাগত খাদ্য, খেল-ধেমালি, পোছাক-পৰিচ্ছদ আদিক একেখন মঞ্চতে উপস্থাপন কৰি ৰাজ্যসমূহৰ মাজত পৰ্যটনৰ প্ৰসাৰ আৰু সাংস্কৃতিক বিনিময় তথা সমন্বয়ৰ বাতাবৰণ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ৷ প্ৰথম দিনাৰ কাৰ্যসূচীত মুকলি হ’ব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথান প্ৰতিযোগিতা ৷ য'ত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো বহুকেইজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ একেদিনাই উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা খাদ্য, বস্ত্ৰ আৰু হস্ত শিল্পৰ প্ৰদৰ্শনী দ্বাৰ মুকলি কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত বিভিন্ন খেল-ধেমালিও প্ৰদৰ্শিত হ'ব (Rangali Tingkhong 2023 in Tingkhong) ৷