অসম

assam

ETV Bharat / state

টিংখাঙত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা - বিহু কৰ্মশালা

ৰাজ্যৰ সকলো প্ৰান্তৰ দৰে অসমীয়াৰ আয়ুস ৰেখা ৰঙালীক আদৰিবৰ বাবে টিংখাঙত চলিছে ব্যাপক প্ৰস্তুতি। টিংখাঙৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত টিংখাঙৰ বিধায়ক বিমল বৰাৰ উদ্যোগত ভাৰতীয় জনতা যুৱ মৰ্চা, অভিযাত্ৰী মহিলা মঞ্চ টিংখাং আাৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা।

টিংখাঙত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা
টিংখাঙত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা

By

Published : Apr 9, 2021, 12:17 PM IST

টিংখাং, 9 এপ্ৰিল : অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি পদুলিৰ মুখত। ৰঙালী বিহুক লৈ এতিয়া ৰাজ্যৰ চুকে-কোণে আনন্দৰ লহৰ ৷ ডেকা-বুঢ়া, গাভৰু-বোৱাৰী সকলোৰে মাজতে ৰঙালীক আদৰিবলৈ ব্যাপনৱ প্ৰস্তুতি চলোৱা দেখা গৈছে ৷

ৰাজ্যৰ সকলো প্ৰান্তৰ দৰে অসমীয়াৰ আয়ুস ৰেখা ৰঙালীক আদৰিবৰ বাবে টিংখাঙত চলিছে ব্যাপক প্ৰস্তুতি। টিংখাঙৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত টিংখাঙৰ বিধায়ক বিমল বৰাৰ উদ্যোগত ভাৰতীয় জনতা যুৱ মৰ্চা, অভিযাত্ৰী মহিলা মঞ্চ টিংখাং আাৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা ।

টিংখাঙত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা

৪ এপিলৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে বিহু সম্ৰাজ্ঞী নিলাক্ষী বুঢ়াগোহাঁই আৰু কেন্দ্ৰীয় বিহুৰাণী পাপৰী শইকীয়া দত্তই । কৰ্মশালাত ২৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে উদ্যোক্তা মণ্ডলীয়ে ৷

লগতে পঢ়ক: ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান

ABOUT THE AUTHOR

...view details