অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত "বহাগৰ আদৰণি সংহতি সংকল্প" শীৰ্ষক বিশেষ অনুষ্ঠান

ৰঙালীৰ উপলক্ষে অসম জাতীয়তাবাদী যুৱ পৰিষদ, ডিব্ৰুগড় সাহিত্য সভা আৰু জাতীয়তাবাদী মহিলা পৰিষদ, অসমৰ যৌথ উদ্যোগত "বহাগৰ আদৰণি সংহতি সংকল্প" শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আয়োজন কৰা হয় এই অনুষ্ঠানটি ৷

ৰঙালীৰ উপলক্ষে "বহাগৰ আদৰণি সংহতি সংকল্প" শীৰ্ষক বিশেষ অনুষ্ঠান
ৰঙালীৰ উপলক্ষে "বহাগৰ আদৰণি সংহতি সংকল্প" শীৰ্ষক বিশেষ অনুষ্ঠান

By

Published : Apr 16, 2021, 6:46 AM IST

ডিব্ৰুগড়, 16 এপ্ৰিল : পহিলা বহাগৰ দিনাই বহাগৰ অসম জাতীয়তাবাদী যুৱ পৰিষদ, ডিব্ৰুগড় সাহিত্য সভা আৰু জাতীয়তাবাদী মহিলা পৰিষদ,অসমৰ যৌথ উদ্যোগত তথা স্বেচ্ছাসেৱী অনুষ্ঠান 'সম্পৰ্ক'ৰ সহযোগত ৰঙালী বিহুৰ উপলক্ষে আয়োজন কৰা হয় এক বৰ্ণিল অনুষ্ঠান ৷ ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আয়োজন কৰা "বহাগৰ আদৰণি সংহতি সংকল্প" শীৰ্ষক এই অনু্ষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ লগতে বিহু নৃত্য, পৰম্পৰাগত জলপান খোৱা পৰ্ব আদি জৰিয়তে উলহ মালহে পালন কৰা হয় ৰঙালী বিহু ৷

এই অনুষ্ঠানত দুখনকৈ গ্ৰন্থও উন্মোচন কৰা হয় ৷ অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়া, সাহিত্য সভাৰ বিষয়ববীয়া প্ৰহ্লাদ তাছা, অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰা, শিক্ষাবিদ ভূষণ জ্যোতি সন্দিকৈ, ৰাতুল গোহাঁই, উদয়ন কুমাৰ গগৈ আদি উপস্থিত থাকে ৷ উল্লেখ্য যে, ৰীতা শইকীয়া, জেনি সোণোৱাল গোহাঁইসহ সংগীবৃন্দই পৰিবেশন কৰা জেং বিহুৰ লগতে বৰ বিহুৱা জিতেন দাস আৰু সংগীবৃন্দই পৰিবেশন কৰা হুঁচৰিয়ে অনুষ্ঠানটোত বিহুৰ মাদকতা প্ৰদান কৰে ৷

লগতে পঢ়ক: পূৱ বিলাসীপাৰাত জ্যেষ্ঠ-কণিষ্ঠৰ মহামিলন পৰ্ব

ABOUT THE AUTHOR

...view details