ডিব্ৰুগড়, 25 ছেপ্টেম্বৰ: বহু কেইজন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা । বিশেষকৈ ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু মৰাণ সমষ্টিৰ তিনিবাৰ বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ যুৱ কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে পুনৰ বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে (Pranjal Ghatowar to possibly join BJP)।
ৰাজ্যৰ কেইবাজনো কংগ্ৰেছ নেতাৰ সৈতে প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতে ধুমুহা আৰম্ভ হৈছে বিজেপিৰ ভিতৰচ’ৰাত । খবৰ ওলাইছে অমিত শ্বাহ আৰু জে পি নাড্ডাৰ উপস্থিতিত বিজেপিত যোগ দিবলৈ সাজু কেইবাগৰাকীও কংগ্ৰেছী নেতাসহ প্ৰাঞ্জল ঘাটোৱাৰ ।
উজনিৰ শক্তিশালী চাহ জনগোষ্ঠীৰ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ (Former minister Paban Singh Ghatowar) পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰা সম্পৰ্কত আজি মৰাণৰ চেপনত সাংবাদিকৰ আগত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (APCC working president Rana Goswami)।