অসম

assam

Loksabha election 2024: বিজেপিৰ ভয়তে বাঘে ছাগে একলগ হৈছে; কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

By

Published : May 9, 2023, 8:26 PM IST

লুৰীণজ্যোতি গগৈ ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী হ'লেও চিন্তা নকৰে ৰামেশ্বৰ তেলীয়ে ৷ 24 ৰ লোকসভাত অসমত 12 খন আসনেই বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Rameswar Teli on Loksabha election 2024) ৷

Rameswar Teli slams Lurinjyoti gogoi
লুৰীণজ্যোতি গগৈক কটাক্ষ ৰামেশ্বৰ তেলীৰ

লুৰীণজ্যোতি গগৈক কটাক্ষ ৰামেশ্বৰ তেলীৰ

ডিব্ৰুগড়, 9 মে’ : সমাগত লোকভা নিবাৰ্চন । শাসক দল বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি ৰাজ্যৰ কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলে 24 ৰ লোকসভা নিবাৰ্চনক লৈ আৰম্ভ কৰিছে বিশেষ তৎপৰতা । বিশেষকৈ কংগ্ৰেছ দলৰ নেতৃত্বত আৰম্ভ হোৱা মিত্ৰতাৰ পিচতেই অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিজেপি দলটো । ডিব্ৰুগড়ত এইবাৰ কংগ্ৰেছ দলে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছে Rameswar Teli slams Lurinjyoti ।

ডিব্ৰুগড়ত কংগ্ৰেছৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছে অসম জাতীয় পৰিষদৰ লুৰীণ জ্যোতি গগৈৰ নাম । লুৰীণ জ্যোতি গগৈৰ নাম চৰ্চালৈ অহাৰ পিচতেই এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে, বৰ্তমান ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্যতে বিজেপি দল যথেষ্ট শক্তিশালী অৱস্থানত আছে । ইয়াৰ বিপৰীতে ৰাজ্যক অন্যান্য ৰাজনৈতিক দলবোৰৰ নাই শক্তিশালী অৱস্থান ৷ গতিকে সমাগত লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে লোকসভাৰ 14 খন আসনৰ ভিতৰত 12 খনেই লাভ কৰিব বুলি দাবী কৰে (Rameswar Teli on loksabha election 2024) ।

ইয়াৰোপৰি, নৱগঠিত ৰাজনৈতিক দল জাতীয়তাবাদী যুৱ পৰিষদৰ লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ত প্ৰাৰ্থীত্ব প্ৰদান কৰিলেও বিজেপি দল তথা তেওঁৰ ওপৰত ইয়াৰ বৰ বিশেষ প্ৰভাৱ নপৰে বুলি জাতীয়তাবাদী নেতাগৰাকীক কটাক্ষ কৰে । ইয়াৰোপৰি, ৰামেশ্বৰ তেলীয়ে বৰ্তমান বিজেপিৰ শক্তিশালী গণ ভেঁটি দেখিয়েই ৰাজ্যত বাঘে ছাগলীয়ে একেলগে লগ লাগিছে বুলি কংগ্ৰেছ নেতৃত্বত আৰম্ভ হোৱা মিত্ৰতাক সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিজেপি দলে আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে অসম জাতীয় পৰিষদ দলটো তথা লুৰীণজ্যোতি গগৈক ৷ কংগ্ৰেছ দলৰে সৈতে থকা মিত্ৰতা সন্দৰ্ভত কিছু দিন পূৰ্বে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই লুৰীণজ্যোতি গগৈক তীক্ষ্ণ সমালোচনা কৰা দেখা গৈছে ৷ জাতীয়তাবাদী দলে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰিব লোৱা প্ৰসংগত 855 জন অসমীয়া ডেকাক হত্যা কৰা কংগ্ৰেছ দলৰ ভৃত্য কিয় জাতীয়তাবাদী আদৰ্শৰে পৰিচালিত দলটো হ'ব বিচাৰিছে বুলি মাৰ্ঘেৰিটাই প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক : Majuli MLA Bhuvan Gam : বিধায়ক ভুৱন গামৰ বাহন দুর্ঘটনাগ্ৰস্ত; পত্নীসহ 4 দেহৰক্ষী চিকিৎসাধীন

ABOUT THE AUTHOR

...view details