ডিব্ৰুগড়, ১৪ অক্টোবৰ :সমাগত লোকসভা নিবাৰ্চনক লৈ প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ । শাসক দলৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে ।
ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিৰ দৰে ডিব্ৰুগড় লোকসভা সমষ্টি বিজেপিয়ে নিজৰ দখলত পুনৰ ৰাখিবলৈ দলীয় বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা পৰিলক্ষিত হৈছে । বৰ্তমান ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী শাসক দল বিজেপিৰ ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈ আছে ।
কিয়নো যোৱা লোকসভা আৰু বিধানসভাত সমগ্ৰ ডিব্ৰুগড় জিলাখনত বিজেপিৰ ভোটৰ সংখ্য যথেষ্ট ভাল । সেয়ে ডিব্ৰুগড় লোকসভা সমষ্টি বিজেপিৰ দুৰ্গলৈ পৰিণত হৈছে । ডিব্ৰুগড়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাগত লোকসভা নিবাৰ্চনত ডিব্ৰুগড় আৰু তিনিচুকীয়াত বিজেপিৰ ভোট পূৰ্বতকৈ বৃদ্ধি পাব আৰু দলে যি দায়িত্ব দিয়ে এজন কৰ্মী হিচাপে মানি ল’ম বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰামেশ্বৰ তেলীয়ে ।