ডিব্ৰুগড়,৬ আগষ্ট:নামৰূপৰ সাৰ কাৰখানা বন্ধ কৰাৰ বিৰুদ্ধে আজি দুটা সপ্তাহতকৈ অধিক দিন ধৰি নামৰূপত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এই প্ৰতিবাদৰ মাজতেই নিশা নামৰূপত সাৰ কাৰখানা পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নামৰূপৰ সাৰ কাৰখানা পৰিদৰ্শন কৰি কয় যে, নামৰূপ সাৰ কাৰখানাটোৰ যন্ত্ৰ পাতিসমূহ পুনৰীক্ষণ কৰি মেৰামতি কৰাৰ উদ্দেশ্য যোৱা প্ৰায় এমাহ দিন ধৰি কাৰখানাটোৰ উৎপাদন বন্ধ কৰি ৰখা হৈছিল ।
গেছৰ বাৰ্নাৰত অগ্নি সংযোগ কৰি উৎপাদন কাৰ্যৰ পুনৰ শুভাৰম্ভ সেয়ে নিশাই সাৰা কাৰখানটোৰ গেছৰ বাৰ্নাৰত অগ্নি সংযোগ কৰি কাৰখানাটোৰ জৰিয়তে হ'বলগীয়া উৎপাদন কাৰ্যৰ পুনৰ শুভাৰম্ভ কৰে । ইয়াৰ পাছতেই মন্ত্ৰীগৰাকীয়ে সাৰ কাৰখানাৰ সকলো দিশ নিৰীক্ষণ কৰি আলোচনা কক্ষত উদ্যোগটোৰ বিত্তীয় সঞ্চালক, প্ৰশাসনিক বিষয়া আৰু উদ্যোগটোৰ কেইবাটাও শ্ৰমিক গোটৰ সৈতে আলোচনাত মিলিত হয় ৰামেশ্বৰ তেলী ৷
লগতে পঢ়ক:Tea estates in Assam: জেট্টা ফাৰ্মৰ উদ্যোগত অসমত 1000 একৰ ভূমিত স্থাপন হ’ব চাহ বাগিচা
সাৰ কাৰখানাটো অধিক উৎপাদনক্ষম কৰি তোলা সম্পৰ্কত বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীজন । এই অনুষ্ঠানত অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ ,অঞ্চলটোৰ বিশিষ্ট সমাজ সেৱক ৰঞ্জিত বৰুৱা ,ভাৰতীয় জনতা পাৰ্টি জয়পুৰ মণ্ডলৰ কৃষক মৰ্চাৰ সভাপতি অংকুৰ ৰঞ্জন বড়া, দলীয় বহু কাৰ্যকৰ্তা, শ্ৰমিক ইউনিয়নৰ বিষয়ববীয়া, প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া উপস্থিত থাকে ।
উল্লেখ্য যে, ষাঠি দশকতে ডিব্ৰুগড় জিলাৰ নামৰূপত ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীন ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বন লিমিটেড অৰ্থাৎ নামৰূপ সাৰ কাৰখানা চিৰকাললৈ বন্ধৰ দিশে গতি কৰিছে । বিশেষকৈ নীতি আয়োগৰ কমিটি অৱ্ গ্ৰুপ অৱ্ অফিচাৰ্ছৰ বৈঠকত বন্ধ কৰাৰ পৰামৰ্শ ফাদিল হোৱা পিছৰে পৰা বিগত কিছুদিন ধৰি নামৰূপৰ দল, সংগঠন, স্থানীয় ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদত উত্তাল হৈ আছে ।
লগতে পঢ়ক:ABT member arrested: শুকুৰ আলীক মাৰাথন জেৰা ধুবুৰী আৰক্ষীৰ