মৰাণ, ১০ ডিচেম্বৰ: আৰোগ্য হৈ উঠিছে COVID-১৯ত আক্ৰান্ত হোৱা ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী । দিল্লীস্থিত AIIMSত চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ সাংসদগৰাকী । বুধবাৰে দিল্লীস্থিত AIIMSৰ পৰা চিকিৎসকে তেওঁক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে । মহামাৰীত আক্ৰান্ত হোৱাৰে পৰা AIIMSত চিকিৎসাধীন হৈ আছিল ৰামেশ্বৰ তেলী ।
কৰ'ণা মুক্ত হ'ল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী - আৰোগ্য হৈ উঠিছে
COVID-১৯ মহামাৰীৰে যুঁজি অৱশেষত পৰাস্ত কৰিলে কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । দিল্লীস্থিত AIIMSত চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ সাংসদগৰাকী । বৰ্তমান তেওঁ সুস্থ হৈ উঠাত চিকিৎসকে ঘৰলৈ যাবলৈ অনুমতি দিয়ে ।
ডিব্ৰুগড়ৰ লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলী কৰ'ণা মুক্ত
বুধবাৰে চিকিৎসালয়ৰ পৰা বাহিৰে বাহিৰে এটি মন্দিৰত উপস্থিত হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক:শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে