অসম

assam

ETV Bharat / state

দুলীয়াজানৰ শান্তি চাহ বাগিচাত উপস্থিত ৰামেশ্বৰ তেলী-সঞ্জয় কিষাণ

দুলীয়াজানৰ শান্তি চাহ বাগিচাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণে । শান্তি চাহ বাগিচাত উপস্থিত হৈ বাগিচাৰ শ্ৰমিকসকলে চৰকাৰে প্ৰৱৰ্তন কৰা ক'ভিড প্ৰটকলসমূহ সম্পূৰ্ণৰূপে মানি চলিছে নে নাই তাৰ ওপৰত পৰ্যবেক্ষণ কৰে ।

By

Published : May 15, 2021, 11:30 AM IST

dibrugarh
দুলীয়াজানৰ শান্তি চাহ বাগিচাত ক'ভিড পৰিস্থিতিৰ বুজ লয় ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণে

মৰাণ,১৫ মে': সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী ক'ভিডৰ দ্বিতীয়টো ঢৌৱে । ৰাজ্যৰ আন আন জিলাৰ লগতে ডিব্ৰুগড় জিলাতো বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ ।

দুলীয়াজানৰ শান্তি চাহ বাগিচাত ক'ভিড পৰিস্থিতিৰ বুজ লয় ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণে

জিলাখনৰ এখনৰ পাচত আন এখন চাহ বাগিচাত ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰি কৰিছে । বন্ধ হৈ পৰিছে বহু কেইখন চাহ বাগিচা ।

দুলীয়াজানৰ শান্তি চাহ বাগিচাত ক'ভিড পৰিস্থিতিৰ বুজ লয় ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণে

প্ৰশাসন ‍আৰু স্বাস্থ্য বিভাগে চাহ বাগিচাসমূহত ক'ভিড প্ৰতিৰোধৰ বাবে সকলো নীতি-নিয়ম বাগিচাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে যদিও চাহ বাগিচা এলেকাত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে ।

দুলীয়াজানৰ শান্তি চাহ বাগিচাত ক'ভিড পৰিস্থিতিৰ বুজ লয় ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণে

শুকুৰবাৰে দুলীয়াজানৰ শান্তি চাহ বাগিচাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণে । মন্ত্ৰী দুগৰাকীক সংগ দিলে দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাই ।

দুলীয়াজানৰ শান্তি চাহ বাগিচাত ক'ভিড পৰিস্থিতিৰ বুজ লয় ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণে

মন্ত্ৰী দুগৰাকীয়ে শান্তি চাহ বাগিচাত উপস্থিত হৈ বাগিচাৰ শ্ৰমিকসকলে চৰকাৰে প্ৰৱৰ্তন কৰা ক'ভিড প্ৰটকলসমূহ সম্পূৰ্ণৰূপে মানি চলিছে নে নাই তাৰ ওপৰত পৰ্যবেক্ষণ কৰে ।

দুলীয়াজানৰ শান্তি চাহ বাগিচাত ক'ভিড পৰিস্থিতিৰ বুজ লয় ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণে

লগতে আটাইকেইগৰাকী জনপ্ৰতিনিধিয়ে বাগিচাখনৰ পৰিচালককে ধৰি বিষয়াসকলক ক'ভিড প্ৰট'কল যাতে কেতিয়াও অৱহেলা নকৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢ়ক: ক'ভিড আক্ৰান্তৰ পদূলিত ওলমিব পোষ্টাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details