ডিব্ৰুগড়, 1 ডিচেম্বৰ:লোকসভা নিৰ্বাচনক লৈ ৰাজ্যৰ শাসকীয় দল আৰু কংগ্ৰেছ দল বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ বিজেপিয়ে ৰাজনৈতিক তৎপৰতা প্ৰদৰ্শন কৰা সময়তে শুকুৰবাৰে ডিব্ৰুগড়ৰ ৰাজপথত বিশাল শোভাযাত্ৰাৰে বিৰোধী ঐক্যই শক্তি প্ৰদৰ্শন কৰে । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ এইছ এম ৰিজ’ৰ্টত বিৰোধী ঐক্যৰ 15 টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক ৷
ইয়াৰ পাছতে আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে বিৰোধী ঐক্যৰ বিশাল এক জনসভা । এই জনসভাত বিৰোধী ঐক্যৰ সকলো ৰাজনৈতিক দলৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে । তিনিচুকীয়াত আজিৰে পৰা অনুষ্ঠিত হ'বলগা ৰাজ্যিক কেবিনেট বৈঠকৰ দিনটোতে বিৰোধী ঐক্য মঞ্চই ডিব্ৰুগড়ত নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ লগতে শ শ দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত কৰা এই বিশাল জনসভাই শাসক দল বিজেপিক কিছু হ'লেও চিন্তাত পেলাব বুলি ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলিছে ।