অসম

assam

ETV Bharat / state

খোৱাঙৰ ঐতিহাসিক নগৰ থানত ৰাজহুৱা সবাহ

শনিবাৰে মৰাণৰ সমীপৰ খোৱাং হালধিবাৰী নগৰ থানত অনুষ্ঠিত হৈ যায় বছেৰেকীয়া ৰাজহুৱা সবাহ (Haladhibari Nagar Than) ৷ পুৱাৰভাগত ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হয় এই সবাহ ।

rajohowa-sabah-of-historical-haladhibari-nagar-than
খোৱাঙৰ ঐতিহাসিক নগৰ থানত ৰাজহুৱা সবাহ

By

Published : Mar 19, 2022, 8:07 PM IST

মৰাণ, 19 মাৰ্চ : মৰাণৰ সমীপৰ খোৱাং হালধিবাৰী নগৰ থানত প্ৰতি বছৰে ফাগুন-চ'ত মাহত এখন ৰাজহুৱা সবাহ আয়োজন কৰা হয় । এইবেলি শনিবাৰে থানখনৰ বছৰেকীয়া ৰাজহুৱা সবাহ অনুষ্ঠিত হৈ যায় (Haladhibari Nagar Than) ৷

প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ লোক একত্ৰিত হৈ আয়োজন কৰা এই অনুষ্ঠানত দূৰ-দূৰণিৰ বহু ভক্তপাণ ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনেৰে সবাহ অনু্ষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হয় । শাৰী শাৰীকৈ চাকিৰে সুশোভিত ঐতিহাসিক নগৰ থানত শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে সমগ্ৰ অঞ্চলটো হৈ পৰে লোকে লোকাৰণ্য ৷

খোৱাঙৰ ঐতিহাসিক নগৰ থানত ৰাজহুৱা সবাহ

পুৱাৰে পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত নিশাৰ ভাগলৈ টোকাৰী গীত, দিহা নামকে আদি কৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি আয়োজক সমিতিয়ে জানিব দিয়ে ৷

লগতে পঢ়ক :দৌল উৎসৱত অংশ লৈ জৰ্জিয়াৰ ৰাষ্ট্ৰদূতে ক’লে, ''কলিয়া বাবা কি জয়''

ABOUT THE AUTHOR

...view details