মৰাণ, 29 ছেপ্টেম্বৰ:তিনিদিনীয়া কাৰ্যসূচী লৈ উত্তৰ-পূৱৰ অসম আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ অহা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বৃহস্পতিবাৰে তেজপুৰলৈ (Defence Minister Rajnath Singh leaves for Tezpur) ৰাওনা হয় । ডিব্ৰুগড়ৰ পৰা তেজপুৰলৈ ৰাওনা হোৱাৰ সময়ত মোহনবাৰী বিমান কোঠত (Mohanbari Airport at Jorhat) তেওঁক বিদায় সম্ভাষণ জনাই ৰাজ্য় চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই ।
বুধবাৰে নিশা উত্তৰ-পূৱৰ অন্যতম সামৰিক ঘাটি হিচাপে পৰিচিত দিনজান সেনা শিৱিৰত (Dinjan Army Camp) কটাই দিনজানত সেনাৰ শীৰ্ষ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনাৰ জোৱান সকলৰে চাহ মেল আৰু এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ।