অসম

assam

By

Published : Feb 12, 2021, 2:01 PM IST

ETV Bharat / state

টেঙাখাত ৰাইজক ভূমি অধিকাৰ প্ৰদানৰ বাবে জিলা প্ৰশাসনৰ তৎপৰতা

টেঙাখাত ৰাইজক ভূমি অধিকাৰ প্ৰদানৰ বাবে জিলা প্ৰশাসনৰ তৎপৰতা । ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ অধীনৰ ২ নং নাওহলীয়া গাঁওবাসীৰে আলোচনাত মিলিত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাৰ ।

টেঙাখাত ৰাইজক ভূমি অধিকাৰ প্ৰদানৰ বাবে জিলা প্ৰশাসনৰ তৎপৰতা
টেঙাখাত ৰাইজক ভূমি অধিকাৰ প্ৰদানৰ বাবে জিলা প্ৰশাসনৰ তৎপৰতা

মৰাণ, ১২ ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰৰ নিৰ্দেশত জিলাই জিলাই আৰম্ভ হৈছে খিলঞ্জীয়া ৰাইজক ভূমি পট্টা প্ৰদানৰ প্ৰক্ৰিয়া । ডিব্ৰুগড় জিলা প্ৰশাসনেও তৎপৰতাৰে আৰম্ভ কৰিছে ভূমি পট্টা প্ৰদানৰ প্ৰক্ৰিয়া । ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাইজক বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই উক্ত অঞ্চলৰ বাসিন্দাসকলৰে এক আলোচনাত মিলিত হয় ।

২ নং নাওহলীয়া গাঁওবাসীৰে আলোচনাত মিলিত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা

উল্লেখ্য যে, টেঙাখাত ৰাজহ চক্ৰৰ অধীনৰ ২ নং নাওহলীয়া গাঁৱত বিগত কেইবাবছৰো ধৰি সংৰক্ষিত চৰণীয়া পথাৰৰ মাটিত বসবাস কৰি থকা লোকসকলে তেওঁলোকৰ মাটিৰ অধিকাৰকে ধৰি বিভিন্ন সমস্যা সমূহক লৈ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অৱগত কৰিছিল ।

সেই মৰ্মে বৃহস্পতিবাৰে জিলা অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই তেওঁলোকৰ সমস্যাৱলীৰ সমাধানৰ উপায় সন্দৰ্ভত গাঁওবাসীৰে এক বিস্তৃত আলোচনা কৰে । এই আলোচনাত টেঙাখাতৰ ৰাজহ চক্ৰ বিষয়া মিনাৰ্ভা দেৱীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:নিৰ্বাচনক আগত ৰাখি দাখিল হ’ল অন্তৱৰ্তীকালীন বাজেট

ABOUT THE AUTHOR

...view details