অসম

assam

ETV Bharat / state

ৰাজগড়ত শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস - tinkhang

টিংখাঙত ৰাজগড় শংকৰদেৱ শিশু নিকেতনৰ 19 তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে বিদ্যালয় খনৰ ন-পুৰণি বহু শিক্ষাৰ্থী ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এখন মুকলি সভাৰ ৷

Rajgarh Sankardeva Shishu Niketan celebrates its 29th founding day
ৰাজগড় শংকৰদেৱ শিশু নিকেতনৰ ঊনবিংশতম প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Feb 11, 2021, 9:55 AM IST

টিংখাং,11 ফেব্ৰুৱাৰী: বুধবাৰে টিংখাঙৰ ৰাজগড় শংকৰদেৱ শিশু নিকেতনৰ ঊনবিংশতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । বিদ্যালয়খন প্ৰাংগণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় এই দিৱস । পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত শংকৰদেৱ শিশু নিকেতনৰ পতাকা উত্তোলন কৰে প্ৰধান আচাৰ্য অভিজিত চাংমাইৰ লগতে পৰিচালনা সমিতিৰ সভাপতি অঞ্জন দত্তই ৷ বন্তি প্ৰজ্বলন কৰে গুজৰাটৰ বিশিষ্ট চিকিৎসক ডাঃ মনোহৰ লাল পেটেলে ।

এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে বিদ্যালয় খনৰ ন-পুৰণি শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকল ৷ দিৱসটিৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰে ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাত উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডাঃ অংকেশ পাৰ্মাৰ, ডাঃ সাৰদা প্ৰসাদ, ডাঃ চিন্ময় চক্ৰৱৰ্তী, ডাঃ ৰৌণক সেন, ডাঃ বৰিশজ্যোতি বৰফুকনৰ লগতে বহু গণ্য-মান্য ব্যক্তি ৷

অন্য এক খবৰৰ বাবে:বিজেপিৰ ৰথ যাত্ৰা বনাম কংগ্ৰেছৰ বাছ যাত্ৰা

ABOUT THE AUTHOR

...view details