ডিব্ৰুগড়, 13 মে':বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড় পাবহি ৰাজধানী এক্সপ্ৰেছ যোগে দিল্লীৰ পৰা আহি থকা 442 গৰাকী যাত্ৰী । ইতিমধ্যে তৎপৰ হৈ পৰিছে ৰে'ল বিভাগৰ বিষয়া, প্ৰশাসনিক লোক, স্বাস্থ্য বিভাগৰ লোক । পলে পলে নিৰীক্ষণ কৰি থকা হৈছে ষ্টেচনৰ সকলো দিশ ।
বৃহস্পতিবাৰে ডিব্ৰুগড়ত প্ৰৱেশ কৰিব ৰাজধানী এক্সপ্ৰেছ - rajdhani express
বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড়ত প্ৰৱেশ কৰিব দিল্লীৰ পৰা অসম অভিমুখে আহি থকা ৰাজধানী এক্সপ্ৰেছ । সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ বৰ্তমান তৎপৰ হৈ পৰিছে জিলা প্ৰশাসনকে ধৰি ৰে'ল বিভাগ, স্বাস্থ্য বিভাগৰ লোক ।
rajdhani express from delhi will enter dibrugarh on thursday
বুধবাৰে ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'ল ষ্টেচনত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিশান । মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসন, যুটীয়া স্বাস্থ্য সঞ্চালক ডা৹ নৱজ্যোতি গগৈ, বিধায়ক প্ৰশান্ত ফুকন, অতিৰিক্ত উপায়ুক্ত দীপু কুমাৰ ডেকা, আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিসহ দলটোৱে সকলো দিশ নিৰীক্ষণ কৰি পৰিস্থিতিৰ বুজ লয় । পুৱা ৰে'লখনত আহিবলগীয়া যাত্ৰী সকলৰ পৰা নিৰাপদ দূৰত্বত সাংবাদিক সকলক বাতৰি সংগ্ৰহৰ বাবে এটা কক্ষৰো ব্যৱস্থা কৰা হৈছে ।