ডিব্ৰুগড়, 4 আগষ্ট :ৰাজ্যত কেইবাটাও নিবাৰ্চনত পৰাজিত হ’লেও অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে নিজৰ সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো ৰাইজৰ দলৰ সংগঠনিক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড়ত আয়োজন কৰা হয় ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী (Raijor Dol joining Program in Dibrugarh) ।
এই কাৰ্যসূচীত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, উপ-সভাপতি দীপক শইকীয়া, মুখপাত্ৰ জ্ঞানশ্ৰী বৰা, জাতীয় যুৱশক্তিৰ সভাপতি লক্ষ্যজ্যোতি গগৈকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া । যোগদান কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে ।
যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে দলটোৰ সভাপতিৰ অখিল গগৈয়ে ।