তিনিচুকীয়া,9 জানুৱাৰীঃডিব্ৰুগড় জিলাৰ মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনৰ শনিবাৰে অন্ত পৰে । ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ আজি অন্তিম দিনটোত এক বৃহৎ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দিনটোৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হয় । অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিভিন্ন প্ৰান্তৰ পৰা আহি হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰে সাংস্কৃতিক শোভাযাত্ৰাত ।
উল্লেখ্য যে, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতীয়-জনগোষ্ঠীৰ সাংস্কৃতিক দলে যোগদান কৰি মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰৰ পৰা মৰাণ নগৰলৈ শোভাযাত্ৰা কৰে । সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত পৰাৰ লগে লগে মুকলি সভা আয়োজন কৰি প্ৰতিনিধি সভাত নিৰ্বাচন কৰা ৰাইজৰ দলৰ পূৰ্ণাংগ সমিতিখনৰ সকলো বিষয়-ববীয়াৰ নামসমূহ নৱ নিৰ্বাচিত কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই ৰাজহুৱাকৈ অৱগত কৰে ।
ৰাইজৰ দলৰ মুখ্য উপদেষ্টা- ড° হীৰেণ গোহাঁই, উপদেষ্টা মণ্ডলী- উদয়াদিত্য ভৰালী, ড° সীতানাথ লহকৰ, ইন্দ্ৰানী দত্ত, ড° ঘনশ্যাম নাথ, হাফিজ বচিৰ চৌধুৰী, সঞ্জয় কুমাৰ তাঁতী ৷ উপ সভাপতি- সুমিত্রা হাজৰিকা, মোহিনী মোহন লিগিৰা, কমল কুমাৰ মেধি, ৰাছেল হুছেইন, দীপক শইকীয়া, ৰঞ্জিত তামুলী, ডাক্তৰ হৰিকান্ত দাস, চৰণ ডেকা, দিলীপ বৰা, বেদান্ত লস্কৰ, হৰেশ্বৰ বৰ্মণ, ফণী টায়েঙ (পূৰ্বৰ বিধায়ক), অনিল বড়ো, ভবেন বৰুৱা (পূৰ্বৰ বিধায়ক, চাবুৱা), টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা, পুলিন ভট্টাচাৰ্য ৷
সভাপতি- অখিল গগৈ, কাৰ্যকৰী সভাপতি- ভাস্কো ডি শইকীয়া, কবিন্দ্ৰ চেতিয়া ফুকন, জিতুল ডেকা ৷ সাধাৰণ সম্পাদক- মহেন্দ্ৰ দিহিঙীয়া, হুছেইন মহম্মদ চাহজাহান, ৰুবুল দাস, গিৰি শংকৰ গোস্বামী, অংকুৰ শইকীয়া, আলোক নাথ, লোহিত গগৈ, দিৱস ফুকন জাহিৰুদ্দিন লস্কৰ (বৰাক) ৷