মৰাণ,৮ অক্টোবৰ :অৱশেষত আৰক্ষীৰ জালত পৰিল চৰাইদেউৰ সাপেখাতীৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত (Sapekhaiti murder case main accuse arrested)। দশমীৰ দিনা সাপেখাতীৰ ৰহনত নৃশংসভাৱে দম্পতিক শোৱাপাটীতে দাৰে ঘপিয়াই হত্যা কৰিছিল দুৰ্বৃত্তই (Couple murder in Sonari)। জীতেন বৰুৱাৰ ঘৰত নিজ পুত্ৰৰ দৰে ১৮ বছৰে থকা প্ৰৱণ মাঝি ওৰফে দেবা বৰুৱাই হত্যা কৰিছিল দম্পতিটোক ।
জানিব পৰা মতে চাহ বাগিচাৰ স্বতাধিকাৰী জীতেন বৰুৱাৰ বাসগৃহত ১৮ বছৰ ধৰি বাগিচা চোৱাচিতা কৰাৰ উপৰিও ঘৰৰ সকলো কাম বন কৰিছিল প্ৰৱণ মাঝিয়ে । জীতেন বৰুৱাই নিজ পুত্ৰৰ দৰে ৰাখিছিল হত্যাকাৰী প্ৰৱণ মাঝিক ৷ কিন্তু প্ৰায় আঠ মাহৰ পূৰ্বে মালিক জীতেন বৰুৱা আৰু প্ৰৱণৰ মাজত কোনো কথাক লৈ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল ।
যাৰবাবে প্ৰৱণে জীতেন বৰুৱাৰ ঘৰৰ পৰা আঁতৰি গৈছিল ৷ ফলত বাগিচাৰ কাম কাজ কৰিবলৈ সুভাষ মুণ্ডা আৰু বিনিতা মুণ্ডাক জীতেন বৰুৱাই আশ্ৰয় দিছিল ৷ ১৮ বছৰ ধৰি পৰিয়ালৰ দৰে থকা ঘৰখনৰ মোহ এৰিব নোৱাৰি বাগিচাৰ কাম কাজ কৰিবলৈ বেলেগ লোকক আশ্ৰয় দিয়াৰ ক্ষোভতে জীতেন বৰুৱাৰ ঘৰত কাম কৰা উক্ত দম্পতিটোক হত্যা কৰাৰ কথা স্বীকাৰ কৰে প্ৰৱণে (Sonari couple murder case) ৷
সাপেখাতীৰ ৰহনৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল জীতেন বৰুৱা আৰু প্ৰৱণৰ মাজৰ সংঘাতৰ বাবেই প্ৰাণ গ'ল নিৰ্দোষী এই দম্পতিটোৰ ৷ দশমীৰ নিশাই সোণাৰিৰ ৰহনত সংঘটিত হৈছিল এই হত্যাকাণ্ডৰ ঘটনাটো । শোৱাপাটীতে দাৰে ঘপিয়াই থৈ গৈছিল সুভাষ মুণ্ডা আৰু বিনিতা মুণ্ডাক । জীতেন বৰুৱা নামৰ ব্যক্তিজনৰ বাগানত পাত চিঙা কামত কৰ্মৰত আছিল পৰিয়ালটো ।
লগতে পঢ়ক :আমগুৰিত চোৰৰ সন্ত্ৰাস: পাঁচটা বাইক চোৰক গ্ৰেপ্তাৰ