ডিব্ৰুগড়, 29 নৱেম্বৰ :ডিব্ৰুগড়ত আকৌ ৰেগিংকাণ্ড (Ragging in Dibrugarh) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাচত পোহৰলৈ আহিল অসম মেডিকেল কলেজ হাস্পতালত (AMCH) সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ড (Ragging in AMCH) । 20 নৱেম্বৰত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছিল এই ৰেগিংকাণ্ড ৷
এই তথ্য পোহৰলৈ অহাৰ পাচতেই মহাবিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছিল AMCH ৰ দুজন ছাত্ৰক । 6 মাহৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে দুই ছাত্ৰক । বহিষ্কৃত দুই ছাত্ৰ হ’ল অস্থি ৰোগ বিভাগৰ ছাত্ৰ ডাঃ চয়ন মুখাৰ্জী আৰু ডাঃ ছাকেট চাৰফ । মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে ৷
লগতে তেওঁ কয় যে, 20 নৱেম্বৰ দিনা চিকিৎসা মহাবিদ্যালয়ৰখনৰ চাহিদ হুছেইন নামৰ এজন ছাত্ৰৰ জ্যেষ্ঠ ভাতৃয়ে চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰক ৰেগিং কৰা বুলি অভিযোগ দাখিল কৰিছিল ৷ সেই অভিযোগৰ ভিত্তিতেই চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ তথা এন্টি ৰেগিং চেলে আৰম্ভ কৰে তদন্ত ৷ এই তদন্তৰ অন্ততত 21 নৱেম্বৰ তাৰিখে চিকিৎসা মহাবিদ্যালয়ৰ এন্টি ৰেগিং চেলে দুজন ছাত্ৰক 6 মাহৰ বাবে বহিষ্কাৰ কৰে ৷