অসম

assam

ETV Bharat / state

মৰাণ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা - আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা

বুধবাৰে মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা সম্পন্ন ৷ এই প্ৰতিযোগিতাত মৰাণ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ১৩ টি দলে অংশগ্রহণ কৰে ৷

মৰাণ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা
মৰাণ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা

By

Published : Dec 24, 2020, 8:00 AM IST

মৰাণ,24 ডিচেম্বৰঃমৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ সৌজন্যত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে বুধবাৰে মৰাণ মহাবিদ্যালয়ত আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । মৰাণ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ১৩ টি দলে অংশগ্রহণ কৰা কুইজৰ অনুষ্ঠানটি মুকলি কৰে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা নীলিমা তালুকদাৰে।

১৩ টি দলে অংশগ্রহণ কৰে কুইজৰ অনুষ্ঠানটিত

মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ সমন্বয়ক তথা ভূগোল বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ মৌচুমী গগৈৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে অসমৰ অগ্ৰণী কুইজৰ অনুষ্ঠান মৰাণ কুইজ ক্লাৱৰ সাধাৰণ সদস্যদ্বয় তথা মৰাণ মহাবিদ্যালয়ৰ ছাত্র ব্ৰনচন শৰ্মা আৰু প্ৰবাল কলিতাই ৷

এই অনুষ্ঠানত প্ৰীতম ভট্টাচার্য আৰু সহযোগিতা আগবঢ়াই ক্ষীৰেন কাকতিয়ে। কুইজ প্ৰতিযোগিতাখনত হলি চাইল্ড ইংলিছ একাডেমীৰ কুঞ্জনাভ কলিতা আৰু খুশি শৰ্মাৰ দলে প্ৰথম স্থান,নিশান্ত নিবিড় বৰগোঁহাই, নিবিড় মুহূৰ্ত্ত বৰুৱা মৰাণ জাতীয় বিদ্যালয়ৰ দলটোৱে দ্বিতীয় স্থান তথা মৰাণ মহাবিদ্যালয়ৰ স্বস্তিকা ভৰদ্বাজ,অভিজিত চুতীয়াৰ দলে তৃতীয় স্থান অধিকাৰ কৰে।

অনুষ্ঠানটিত উপস্থিত থাকে ভুগোল বিভাগৰ অধ্যাপক ড৹ মুনিন বৰা,অধ্যাপিকা ড৹ জ্যোতিমণি বৰদলৈ,ইংৰাজী বিভাগৰ অধ্যাপিকা প্ৰিয়ংকা দাস, গংগোত্ৰী গগৈ আৰু কাৰ্যালয় সহায়ক ভাৰতী গগৈ।

লগতে চাওকঃ উৎকোচ লৈ থাকোতেই গ্ৰেপ্তাৰ বন বিষয়াক

ABOUT THE AUTHOR

...view details