ETV Bharat Assam

অসম

assam

ETV Bharat / state

নাহৰকটীয়াৰ বাঁহধাৰীত উদ্ধাৰ দুস্প্ৰাপ্য অজগৰ - World Environment Day 2021

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বাঁহধাৰী গাঁৱত উদ্ধাৰ এটা দুস্প্ৰাপ্য অজগৰ । বাঁহধাৰী গাঁৱৰ ফুনাই হাজৰিকা নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈছিল অজগৰটোৱে ৷ অজগৰটো উদ্ধাৰ কৰি বন বিভাগক হস্তান্তৰ কৰা হয় ।

python rescued
নাহৰকটীয়া বাঁহধাৰীত উদ্ধাৰ দুস্প্ৰাপ্য অজগৰ
author img

By

Published : Jun 5, 2021, 3:02 PM IST

মৰাণ, ৫ জুন :ক'ভিড ভয়াৱহতাৰ মাজতে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত সকলোৱে পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) । বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে নাহৰকটীয়াৰ বাঁহধাৰী গাঁৱত উদ্ধাৰ এটা দুস্প্ৰাপ্য অজগৰ । বাঁহধাৰী গাঁৱৰ ফুনাই হাজৰিকা নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈছিল অজগৰটোৱে ৷

in article image
নাহৰকটীয়া বাঁহধাৰীত উদ্ধাৰ দুস্প্ৰাপ্য অজগৰ

স্থানীয় ৰাইজে অজগৰটো প্ৰত্যক্ষ কৰাৰ পিছতে ৰুবুল মজুমদাৰ নামৰ সাপ উদ্ধাৰকাৰী যুৱকজনক খবৰ দিয়ে । যুৱকজন সেই স্থানত উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে বন বিভাগক হস্তান্তৰ কৰা হয় অজগৰটো ।

লগতে পঢ়ক:লেটেকুজান আৰু বকিয়াল চাহ বাগিচাত টীকাকৰণ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details