ডিব্ৰুগড়, 17 চেপ্তেম্বৰঃমাজনিশা ডিব্ৰুগড়ৰ ৰাজপথত গড়কাপ্তানি ডঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এইবাৰ শিক্ষকক নহয়, গড়কাপ্তানি অভিযন্তাক ধমকি মন্ত্ৰী গৰাকীৰ ৷ সোমবাৰে তিনিচুকীয়াত অনুষ্ঠিত হোৱা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ আৰ্ৱত ভৱনত নিশা কটোৱাৰ প্ৰাক মুহূৰ্তত ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা চাউলখোৱালৈকে থকা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ তাৰ পাছতেই নিজ হাতে আধাৰশিলাৰ স্থাপন কৰা পথটোৰ নিৰ্মাণক লৈ অসন্তুষ্ট হৈ পৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সেয়ে নিশাই ডিব্ৰুগড়ৰ ৰাজপথত পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা বিষয়াক মাতি আনি মুখামুখি প্ৰশ্ন মন্ত্ৰী গৰাকীৰ ৷ লগতে পথ নিৰ্মাণত নিয়োজিত ঠিকাদাৰক কিমান দিনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰি পাৰিব সেয়া ষ্টাম্প পেপাৰত চহী কৰোৱাই লোৱাৰ নিৰ্দেশ দিলে ৷
নিশা ৰাজপথত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা - হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়
ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা চাউলখোৱালৈকে থকা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰি অসন্তুষ্ট হ'ল গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা বিষয়াক মাতি আনি মুখামুখি প্ৰশ্ন মন্ত্ৰী গৰাকীৰ ৷
উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ ৰাইজে দীৰ্ঘদিন ধৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ বাবে আন্দোলন কৰি অহাৰ পাচতো কোনো গুৰুত্ব দিয়া নাছিল বিভাগীয় কৰ্তৃপক্ষই । কিন্তু চাউলখোৱাত মুখ্যমন্ত্ৰীৰ কনভয় ৰাজপথত আৱদ্ধ হৈ পৰাৰ পাছতেই হুৱা দুৱা লাগিছিল গড়কাপ্তনি বিভাগত ৷
ইয়াৰ পাছতেই 2018 চনৰ 16 চেপ্তেম্বৰত মুখ্যমন্ত্ৰীসহ গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথটোৰ আধাৰশিলা স্থাপন কৰি 2019 ৰ 31 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি ডেডলাইন ঘোষণা কৰিছিল ৷ প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় পথছোৱাৰ নিৰ্মাণৰ বাবে 32 কোটি 29 লাখ টকা ধাৰ্য কৰা হৈছিল ৷ কিন্তু কাৰ্যত সময়মতে পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল ৷ এইবাৰ পথটো পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নৱেম্বৰ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিছে ৷