অসম

assam

ETV Bharat / state

বিধায়ক পোনাকন বৰুৱাই পৰিদৰ্শন কৰিলে ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান - sports University

শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব লগা স্থান পৰিদৰ্শন কৰিলে বিধায়ক পোনাকন বৰুৱাই ৷ বিশ্ববিদ্যালয়খনৰ নাম বৈষ্ণৱ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামেৰে নামাকৰণ কৰা হৈছে।

বিধায়ক পোনাকন বৰুৱাই পৰিদৰ্শন কৰিলে ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান
বিধায়ক পোনাকন বৰুৱাই পৰিদৰ্শন কৰিলে ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান

By

Published : May 31, 2021, 3:19 PM IST

মৰাণ, 31 মে’:অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড়ৰ চাবুৱাত নিৰ্মাণ হ'ব লগা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় । চাবুৱাবাসীৰ বহু প্ৰত্যাশিত অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ হ'বলগীয়া স্থান দেওবাৰে পৰিদৰ্শন কৰিলে চাবুৱা বিধায়ক পোনাকন বৰুৱাই ।

বিধায়ক পোনাকন বৰুৱাই পৰিদৰ্শন কৰিলে ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান

বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰি বিশ্ববিদ্যালয় খনৰ নিৰ্মাণকাৰ্য অগ্ৰগতিৰ বুজ লয় । এই বিশ্ববিদ্যালয় খন হ'লে অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নীত হোৱাৰ লগতে চাবুৱাৰ উন্নয়নতো ব্যাপক প্ৰভাৱ পেলাব। উল্লেখ্য যে, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত এখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়।

এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৮ চনৰ ছেপ্টেম্বৰত গৃহীত কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় বিধেয়ক, ২০১৮ৰ অধীনত স্থাপন কৰিছে । বিশ্ববিদ্যালয়খন ২০২০ চনৰ ১০ জুলাই তাৰিখৰ পৰা কাৰ্যক্ষম হয় । বিশ্ববিদ্যালয় খনৰ নাম বৈষ্ণৱ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামেৰে নামাকৰণ কৰা হৈছে । এই বিশ্ববিদ্যালয় খন অসমৰ প্ৰথম আৰু ভাৰতৰ চতুৰ্থ কাৰ্যক্ষম ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়।

লগতে পঢ়ক:কেমেৰাত বন্দী হাতী-মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য

ABOUT THE AUTHOR

...view details