মৰাণ, 11 এপ্ৰিল :বৰ্তমান সমগ্ৰ বিশ্বতে মহামাৰী কৰ'ণাই ভয়াবহ ৰূপ ধাৰণ কৰাত কেন্দ্ৰীয় চৰকাৰে যি ২১ দিনীয়া লক ডাউন ঘোষণা কৰিছে, এই লক ডাউনৰ বাবে এতিয়া আন সকল কৃষকৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ খোৱাং চেৰেপাখাতিৰ বিনয় দাসো অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে।
ৰাজ্যৰ বজাৰ সমূহ বন্ধ হৈ পৰাত এতিয়া বিনয় দাসৰ হাজাৰ হাজাৰ ৰঙালাও ঘৰত বিক্ৰীৰ বাবে সাজু কৰি থোৱা অৱস্থাতে গেলিবলৈ আৰম্ভ কৰিছে । লগতে অন্যান্য শাক পাচলি সমূহো পথাৰতে নষ্ট হৈছে । ফলত খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল চলোৱা বিনয় দাসৰ ঘৰত এতিয়া হাহাকাৰ অৱস্থা । এই পৰ্যন্ত খেতি কৰোঁতে খৰচ হোৱা মূলধন খিনি ৰঙালাও বিক্ৰী কৰি পোৱা নাই বুলি জানিবলৈ দিয়ে যুৱকজনে । তেওঁ এই খেতিৰ জৰিয়তে আন কেইবাটাও পৰিয়ালক জীৱিকাৰ পথ দিছিল যদিও আজি এই অৱস্থাত তেওঁৰ খেতিতে নিৰ্ভৰশীল পৰিয়াল কেইটাইও এসাঁজ ভাত খাবলৈ হাহাকাৰ কৰিব লগা হৈছে ।