মৰাণ,20 মে’:বিপাঙত পৰিছে ডিব্ৰুগড়ৰ লেকাই থাকুৰথানস্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ আৱাসীসকল ৷ চৰকাৰে বৃদ্ধসকলৰ বাবে বহু আঁচনি তথা বিভিন্ন সা-সুবিধা ঘোষণা কৰিছে, যদিও সেই সুবিধা লাভ কৰা নাই পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ আৱাসীসকল ৷ এই অভিযোগ উত্থাপন কৰিছে পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ আৱাসী তথা স্বত্বাধিকাৰীয়ে ৷
বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰী গৰাকীয়ে অভিযোগ কৰা অনুসৰি, বৃদ্ধাশ্ৰমলৈ যোৱা বিধ্বস্ত পথচোৱা নিৰ্মাণৰ বাবে পূৰ্বে বহুবাৰ আবেদন কৰা হৈছিল ৷ কিন্তু আধাৰশিলা নিৰ্মাণতে সীমাবদ্ধ হৈ থাকিল পথচোৱাৰ নিৰ্মাণৰ কাম । আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল বিধ্বস্ত পথচোৱাৰ নিৰ্মাণ কাৰ্য ৷