অসম

assam

ETV Bharat / state

মৰাণৰ ৰাজপথত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা কাঠভৰ্তি বাহন - মৰাণহাট আৰক্ষী থানা

মৰাণৰ ৰাজপথত বৃহস্পতিবাৰে নিশা ৰাইজে জব্দ কৰিলে মূল্যৱান চোৰাংভাৱে সৰবৰাহ কৰা কাঠ ভৰ্তি বাহন (Public seized Illegal wood at Moran) ৷ আৰক্ষীৰ আৰ্শীবাদত এই চোৰাংভাৱে কাঠ সৰবৰাহ হোৱাৰ অভিযোগ দল-সংগঠনৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি নিশাই উত্তপ্ত মৰাণৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

Etv BharatPublic seized Illegal wood at Moran
মৰাণৰ ৰাজপথত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা কাঠ ভৰ্তি বাহন

By

Published : Sep 16, 2022, 1:36 PM IST

মৰাণ, 16 ছেপ্টেম্বৰ :ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ মৰাণৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিদিনে পাৰ হয় চুৰাং কাঠ, তেলকে ধৰি চুৰাং সামগ্ৰী কঢিয়াই অনা বাহন । বিভিন্ন সময়ত বিভিন্নজনে এই অভিযোগ কৰি থকা সময়তে বৃহস্পতিবাৰে নিশা মৰাণৰ ৰাইজে জব্দ কৰিবলৈ সক্ষম হয় চোৰাংভাৱ সৰবৰাহ কৰা কাঠভৰ্তি এখন ট্ৰাক (Public seized Illegal wood at Moran)।

ঘটনা অনুসৰি, অৰুণাচলৰ দিশৰ পৰা অহা AS 232584 নম্বৰৰ এখন কাঠভৰ্তি ট্ৰাকৰ মৰাণৰ জ্যোতিপুৰত চকা পামচাৰ হয় । সেই সময়তে গাড়ীখন স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি সন্দেহ ওপজাত দল-সংগঠনৰ লগতে খবৰ দিয়ে আৰক্ষীকো ।

আনহাতে, গাড়ীখনৰ চালক আৰু হেণ্ডিমেনে কাঠ কঢ়িয়াই অনাৰ কোনো ধৰণৰ নথিপত্ৰ ৰাইজক দেখুৱাবলৈ সক্ষম নহ’ল । প্ৰথম অৱস্থাত স্থানীয় ৰাইজে এই সন্দৰ্ভত খবৰ দিয়ে মৰাণহাট আৰক্ষীক ৷ কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ধৰণৰ সহায় সহযোগিতা নকৰাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷

মৰাণৰ ৰাজপথত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা কাঠ ভৰ্তি বাহন

ইফালে চোৰাংভাৱে কাঠ সৰবৰাহ কৰা তথ্য লাভ কৰাৰ পাচতো মৰাণ আৰক্ষীৰ ৰহস্যজনক ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে দল-সংগঠন তথা সচেতন ৰাইজে । আনকি বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও সাংবাদিকৰ কেমেৰা দেখি পলায়নৰ চেষ্টা কৰাহে পৰিলক্ষিত হ’ল মৰাণহাট আৰক্ষীক ।

ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ দেখি নিশাই গাড়ীখন মৰাণহাট আৰক্ষী থানালৈ লৈ যায় যদিও আৰক্ষীয়ে এই সন্দৰ্ভত কোনোধৰণৰ তথ্য ৰাজহুৱা কৰা নাই । চোৰাং কাঠক লৈ আৰক্ষীৰ এই ভূমিকাক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ।

লগতে পঢ়ক :সোণাৰিত বলীউডৰ কায়দাৰে বিদ্যালয়লৈ গৈ থকাৰ ছাত্ৰক অপহৰণৰ চেষ্টা

ABOUT THE AUTHOR

...view details