অসম

assam

By

Published : Aug 16, 2020, 4:44 PM IST

ETV Bharat / state

মৰাণত ৰাইজৰ শ্ৰম দানেৰে মেৰামতি পথ

স্বাধীনতাৰ আনন্দ উল্লাসক আওকাণ কৰি ৰাইজে মেৰামতি কৰিলে মৰাণ সমষ্টিৰ নাহৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত মৰাণ নিতাই সংযোগী এটা অতি ব্যস্ত পথ ৷

Public repaired a road at Moran in the independence day
স্বাধীনতা দিৱসৰ দিনটোত মৰাণত ৰাইজৰ শ্ৰম দানেৰে মেৰামতি পথ

মৰাণ, 16 আগষ্ট: স্বদেশপ্ৰেমী প্ৰতিজন লোকেই আনন্দ উল্লাসেৰে পাৰ কৰিলে 74 সংখ্যক স্বাধীনতা দিৱস । কিন্তু এই দিনটোতে ডিব্ৰুগড় জিলাৰ মৰাণৰ এটা প্ৰান্তৰ ৰাইজ ব্যস্ত হৈ পৰিল এটা পথ মেৰামতিৰ কামত । স্বাধীনতাৰ আনন্দ উল্লাসক আওকাণ কৰি ৰাইজে মেৰামতি কৰিলে মৰাণ সমষ্টিৰ নাহৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত মৰাণ নিতাই সংযোগী এটা অতি ব্যস্ত পথ ৷ উল্লেখ্য যে, ঐতিহাসিক ধুম সিং ফুকন আলি নামেৰে বিখ্যাত পথটো সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে । ৰাইজে স্থানীয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক বহু আবেদন নিবেদন কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ উপায়ন্তৰ হৈ ৰাইজে হাতে কামে লাগি মেৰামতি কৰি লৈছে পথটো ৷

স্বাধীনতা দিৱসৰ দিনটোত মৰাণত ৰাইজৰ শ্ৰম দানেৰে মেৰামতি পথ

15 আৰু 16 আগষ্ট দুয়োটা দিনত ৰাইজে স্বতঃস্ফুত ভাৱে ওলাই আহি শ্ৰম দানেৰে মেৰামতি কৰে পথটো । উল্লেখ্যে যে, ইয়াৰ পূৰ্বে এই পথটো মেৰামতিৰ দাবীত ৰাইজে পথত ভূঁ‌ই আদি ৰুই অভিনৱ প্ৰতিবাদো সাব্যস্ত কৰিছিল । কিন্তু আজি পৰ্যন্ত ৰজাঘৰৰ কোনো লোক আহি ৰাইজৰ দুৰ্দশাৰ বুজ নল'লে । সেয়ে ৰাইজে সংকল্প লৈছে পথ মেৰামতি নকৰা পৰ্যন্ত নিৰ্বাচনত সহযোগ নকৰে ৰাইজে ৷

লগতে পঢ়কঃ গৰাখহনীয়াই সৰ্বস্বান্ত কৰা সোনামিঞাৰ পৰিয়াল

ABOUT THE AUTHOR

...view details