অসম

assam

ETV Bharat / state

তেলপানীত বিধায়ক গোৱালাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - Public protest against mla Teras Gowala

দুলীয়াজান সমষ্টিৰ তেলপানী বনগাঁৱৰ ৰাইজে ৰোগীক চিকিৎসালয়লৈ নিয়া,পথাৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰলৈ নিয়া আদি ক্ষেত্ৰত বহু সময়ত বিধ্বস্ত পথটোৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছে (dilapidated road at Telpani) ৷ অঞ্চলটোৰ যাতায়তৰ একমাত্ৰ পথটো শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি দিয়াৰ বাবে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাক দাবী জনাইছে স্থানীয় ৰাইজে ।

Public protest against mla Teras Gowala
তেলপানীত বিধায়ক গোৱালাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

By

Published : Sep 24, 2022, 4:35 PM IST

মৰাণ, ২৪ছেপ্টেম্বৰ: ডিজিটেল ইণ্ডিয়াৰ যুগটো ৰাজ্যত পৰিস্ফুট হৈছে উন্নয়নৰ এক বিপৰীত দৃশ্য । এই দৃশ্য এইবাৰ প্ৰতিফলিত হৈছে ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিত । দীৰ্ঘদীন ধৰি ৰাইজে বিধ্বস্ত পথৰেই যাতাযাত কৰিবলগীয়া হোৱাত অতিষ্ঠ ৰাইজে অৱশেষত স্থানীয় বিধায়ক তেৰছ গোৱালাৰ বিৰুদ্ধে ক্ষোভ উজাৰি তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পথলৈ ওলাই আহিল শ শ মহিলা ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ, দুলীয়াজান সমষ্টিৰ অন্তৰ্গত তেলপানী বনগাঁৱৰ বিধ্বস্ত পথটোৱে জীয়াতু ভোগাইছে ৰাইজক (Public protest against mla Teras Gowala) । দীৰ্ঘদিন ধৰি সমষ্টিটোৰ বিধায়ক গোৱালাক গাঁওখনৰ একমাত্ৰ পথটো নিৰ্মাণৰ বাবে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো বিধায়কগৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত অৱশেষত বোকাময় পথটোৰ ওপৰতে বিধায়কৰ বিৰুদ্ধে মহিলাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

তেলপানীত বিধায়ক গোৱালাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

উল্লেখ্য় যে গাওঁখনৰ একমাত্ৰ পথটোৰে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী, বৃদ্ধ লোক, গৰ্ভৱতী মহিলাকে ধৰি বিভিন্ন ৰোগী চহৰলৈ বহু কষ্টৰ মাজেদি যাব লগা হয় । কিন্তু ইয়াৰ পিছতো কোনো এজন জনপ্ৰতিনিধিয়ে পথটো নিৰ্মাণৰ বাবে উদ্যোগ গ্ৰহণ কৰা নাই । ফলত অঞ্চলটোৰ শ শ মহিলাই ক্ষুব্ধ হৈ বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । এইবাৰ পথ নিৰ্মাণ নহ'লে কোনো এজন জনপ্ৰতিনিধিকে গাঁওখনত প্ৰৱেশ কৰিব নিদিয়ে বুলি স্পষ্ট কৰি দিছে প্ৰতিবাদী মহিলাসকলে ।

উল্লেখ্য় যে উক্ত পথটো বছৰৰ যিকোনো সময়তে যাতায়তৰ বাবে অনুপযোগী হৈ আহিছে । এজাক বৰষুণতেই পথৰ মাজত নতুন নতুনকৈ সৃষ্টি হৈ অহা গাঁতৰ অংশসমূহত পানী জমা হৈ পথটো পথাৰ অথৱা পুখুৰী সদৃশ হৈ পৰে । যাৰ বাবে যিকোনো সময়তে এই পথেৰে যাতায়ত কৰাৰ সময়ত গাঁওবাসীৰ বাবে এক প্ৰকাৰৰ যমৰ-যাতনা ভোগ কৰাৰ দৰেই হৈ পৰে ।

লগতে পঢ়ক:কাৰাগাৰৰ ভিতৰৰ পৰা মৃত্যুৰ ভাবুকি : কি চলিছে কৰিমগঞ্জ জিলা কাৰাগাৰৰ ভিতৰত ?

ABOUT THE AUTHOR

...view details