অসম

assam

ETV Bharat / state

আঁচনি ৰূপায়ণত দূৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - প্ৰধানমন্ত্ৰী আৱাস যোজনা

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ (Corruption allegation against presudent of Kenduguri GP ) ৷ পঞ্চায়তটোত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত এই দুৰ্নীতিৰ তদন্ত বিচাৰি বৃহস্পতিবাৰে টিংখাং উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

Public protest at Minister Bimal Bora Constituency
কেন্দুগুৰি গাঁও পঞ্চায়তত প্ৰতিবাদ

By

Published : Feb 18, 2022, 10:18 AM IST

মৰাণ, 18 ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা সিং বকলিয়ালৰ বিৰুদ্ধে চৰম অনিয়ম আৰু বঞ্চনাৰ অভিযোগ তুলি বৃহস্পতিবাৰে টিংখাং উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত পঞ্চায়তটোৰ ভালেসংখ্যক ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পঞ্চায়তটোত প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য চৰকাৰী উন্নয়নমূলক আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰে প্ৰতিবাদী ৰাইজে ।

কেন্দুগুৰি গাঁও পঞ্চায়তত প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলি টিংখাং খণ্ড উন্নয়ন বিষয়াক এখন স্মাৰকপত্ৰ দাখিল কৰে । আনহাতে পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে চৰম মইমতালিৰ অভিযোগ তুলিছে খোদ পঞ্চায়তটোৰ কেইবাগৰাকী ৱাৰ্ড সদস্যই । যিকোনো চৰকাৰী আঁচনিৰ কামত ৱাৰ্ড সদস্যসকলক বঞ্চিত কৰি সভানেত্ৰী পবিত্ৰা সিং বকলিয়ালে নিজেই সকলো সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে এইসকল ৱাৰ্ড সদস্যই ।

উল্লেখযোগ্য যে, কেন্দুগুৰি পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত এই দুৰ্নীতিৰ সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড় জিলা উপায়ুক্তলৈ স্থানীয় ৰাইজে ভুক্তভোগী ৰাইজে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :FIR Against Political Leader: ৰাজ্যৰ ৰাজনীতিত এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details