মৰাণ, 3 আগষ্ট :তিনিটাকৈ মৃতদেহ লৈ লাহোৱাল নতুন আলিৰ জয়পুৰ পথত ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ(Public protest at Jaipur highway with three dead bodies) ৷ উল্লেখ্য যে, পুৱা ডিব্ৰুগড়ৰ লাহোৱালৰ নতুন আলিত সংঘটিত হোৱা এটি ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল তিনিজন ব্যক্তিৰ ৷ যাৰ পিছতেই উক্ত স্থানত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতি । দুৰ্ঘটনাটোত মৃত্যু হোৱা তিনিজনকৈ লোকৰ মৃতদেহ লৈ নতুন আলিৰ জয়পুৰ পথত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷
দৰাচলতে, দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুওৱা তিনিজন শ্ৰমিকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ(Public demanding to justice for the victims) । পুৱাৰ ভাগত AS 06 Z 4617 নম্বৰৰ এখন তীব্ৰবেগী ব্ৰীজা বাহনে মহতীয়াই নিয়াৰ ফলত নিৰ্মল দাস আৰু বিক্ৰম মাহিলী নামৰ শ্ৰমিক দুজনৰ থিতাতে মৃত্যু হৈছিল । ইয়াৰে সংকটজনক অৱস্থাত লক্ষী পাতৰ নামৰ শ্ৰমিকজনক ডিব্ৰুগড় AMCত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ৰ পিছতে তেওঁৰো মৃত্যু ঘটে ।