অসম

assam

ETV Bharat / state

Protest in Dibrugarh : পথৰ ওপৰত একাঁঠু পানীত নামি বিধায়কৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - খোৱাং সমষ্টি

বগীবিলত পথৰ ওপৰত একাঁঠু পানীত নামি বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ পৰিৱৰ্তনকামী চৰকাৰৰ দিনত মূল পথটো নিৰ্মাণৰ নকৰাত একাঁঠু পানীৰ ওপৰেদিয়েই যাতায়ত কৰিছে ৰাইজে ৷

Public Protest at Bogibeel in Dibrugarh
গ্ৰামাঞ্চলত উন্নয়ন বিছাৰি হাবাথুৰি খাব লগা হৈছে ৰাইজে

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:44 PM IST

বিধায়কৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ডিব্ৰুগড়, 31 আগষ্ট : ৰাজ্য চৰকাৰে উন্নয়ন আৰু পৰিৱৰ্তনৰ ৰঙীণ বিজ্ঞাপন প্ৰচাৰ কৰি থকাৰ মাজতে ৰাজ্যৰ গ্ৰামাঞ্চলত উন্নয়ন বিছাৰি হাবাথুৰি খাব লগা হৈছে ৰাইজে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলে উন্নয়নৰ কথা কৈ থকাৰ সময়তে নতুনকৈ গঠন হোৱা খোৱাং সমষ্টিৰ বগীবিলৰ এটা অঞ্চলৰ শ শ ৰাইজে উন্নয়ন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে ৷ কাৰণ ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ অন্তৰ্গত বগীবিল গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত 5 নং ৱাৰ্ডৰ 1 নং আৰু 2 নং ৱাক হাবি গাঁওবাসীয়ে আজিলৈকে কোনো ধৰণৰ উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বছৰটোৰ সাত মাহে জলমগ্ন হৈ থাকে 1 নং আৰু 2 নং ৱাক হাবি গাঁও ৷ বছৰটোৰ সাত মাহে জলমগ্ন হৈ থকা বগীবিল অঞ্চলৰ ৰাইজে এতিয়া প্ৰতি দিনে জীয়াতু ভুগিব লগা হৈছে ৷ কিন্তু কানসাৰ নাই ৰজাঘৰীয়াৰ ৷ আনকি অঞ্চলটোত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা লোকসকলে চৰকাৰে দিয়া বানসাহাৰ্যও নাপালে ৷ অঞ্চলটোৰ যোগাযোগৰ মূল পথটো বছৰৰ বেছিভাগ সময়েই পানীৰ তলতে থাকে ৷ পথটো নিৰ্মাণৰ বাবে ৰাইজে বিধায়ক চক্ৰধৰ গগৈৰ লগতে উপায়ুক্তক আবেদন কৰিছিল যদিও কোনো সুফল লাভ নকৰিলে ৷

চৰকাৰৰ কোনো ধৰণৰ সহায় নোপোৱাত এতিয়া উপায়হীন হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীবিল আঞ্চলিক সমিতিৰ সহায় লৈ ৰাইজে বৃহস্পতিবাৰে পথৰ ওপৰত একাঁঠু পানীত নামি বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে বগীবিল অঞ্চলৰ 1 নং আৰু 2 নং ৱাক হাবি গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৰাইজে চৰকাৰক দাবী জনায় ৷ উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ বগীবিল অঞ্চলক পৰ্যটন ক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ কথা কোৱা বিধায়ক চক্ৰধৰ গগৈয়ে দুবাৰকৈ বিধায়ক হৈয়ো বগীবিল অঞ্চলৰ ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰাটোৱে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দেখুৱাইছে ৷

লগতে পঢ়ক :Youth Congress Protest : নিযুক্তি কেলেংকাৰীৰ অভিযোগত নগাঁৱত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details