অসম

assam

ETV Bharat / state

সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - সূলভ মূল্যৰ চাউল বিতৰণ দুৰ্নীতি

নাহৰকটীয়াত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ৷ সমবায় এজেন্টৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ ৷

public-protest-against-owner-of-relaxed-price-shop-at-naharkatia
সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

By

Published : Sep 27, 2021, 9:48 PM IST

মৰাণ, 27 ছেপ্টেম্বৰ : দৰিদ্ৰ জনলৈ দিয়া সূলভ মূল্যৰ চাউল বিতৰণত কোনো এজেন্টে দুৰ্নীতি কৰিব নোৱাৰিব বুলি খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতো ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত সুলভ মূল্যত চাউলৰ এজেন্টে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । নাহৰকটীয়াৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ অন্তৰ্গত টিপলিং ফাকিয়াল সমবায় সমিতিৰ অধীনত থকা দিহিং কিনাৰ বাঙালী ব্লক গাঁৱৰ সুলভ মূল্যৰ দোকানৰ এজেন্ট কৰুণা দাসৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ।

সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

অভিযোগ অনুসৰি, এজেন্ট কৰুনা দাসে চাউল, তেল বিতৰণত অনিয়ম সংঘটিত কৰি আত্মসাৎ কৰি আহিছে আৰু গাঁৱৰ ৰাইজৰ লগত দুৰ্ব্যৱহাৰ কৰি সময়মতে বিতৰণ নকৰাৰ বাবে স্থানীয় ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে । যাৰ বাবে বিগত তিনি মাহ ধৰি স্থানীয় ৰাইজে এজেন্ট কৰুণা দাসৰ পৰা সামগ্ৰী অনা বন্ধ কৰি দিছে । ৰাইজৰ দাবী এজেন্ট কৰুণা দাসে ৰাইজৰ লগত কৰা দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক ৷

ইয়াৰোপৰি এজেন্ট কৰুণা দাসৰ লাইচেন্স কৰ্তন কৰি অন্য এজেন্টৰ জৰিয়তে সুলভ মূল্যৰ সামগ্ৰী সমূহ ৰাইজৰ মাজত যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজে অনুৰোধ কৰিছে । এতিয়া ৰাইজৰ ক্ষোভ আৰু অনুৰোধক যোগান বিভাগে কিমান গুৰুত্ব দিয়ে সেইয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক :বিশ্ব পৰ্যটন দিৱসৰ দিনটোত নিমাও-মাও মাজুলী

ABOUT THE AUTHOR

...view details