মৰাণ, 9 নৱেম্বৰঃটাই ভাষা সাহিত্য সংস্কৃতিৰ সাধক ডামচাও মনোৰঞ্জন ফুকনৰ ৰাজহুৱা স্মৃতিচাৰণ সভাখন দেওবাৰে পাটসাঁকো আখৈয়া দেওধাই গাঁৱৰ নিজা বাসগৃহত সম্পন্ন হয় । পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উপ -সভাপতি অতুল ফুকনৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা স্মৃতিচাৰণ সভাত তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পাছতে পণ্ডিত তিলেশ্বৰ মহনৰ নেতৃত্বত আই চিং লাও পৰিৱেশনেৰে সভাৰ কাম শুভাৰম্ভ হয়। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মহন দেওধাই বাইলুং সন্মিলন অসমৰ সভাপতি,সদৌ অসম গাঁওবুঢ়া সন্থাৰ উপ-সভাপতি ডামচাও মনোৰঞ্জন ফুকনৰ জীৱন আলোকপাত কৰি মেদিনী মাধৱ মহন সম্পাদনাৰে "সংগ্ৰামী নায়ক মনোৰঞ্জন ফুকন" স্মৃতিগ্ৰন্থ উন্মোচন কৰে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আৰু প্ৰাক্তন সভাপতি ড৹ পুষ্প গগৈয়ে। টাই ভাষা সাহিত্য সংস্কৃতিৰ সাধক গৰাকীৰ বিভিন্ন সময়ত কাকত আলোচনীত প্ৰকাশিত প্ৰবন্ধ সমূহক লৈ দেৱজিৎ চাউৰকৰ সম্পাদনাত" আহোমৰ ইতিহাস দৰ্শন" প্ৰবন্ধ সংকলন খনি উন্মোচন কৰে পাটসাঁকো জুনিয়ৰ কলেজৰ প্ৰবক্তা মুকুল চেতিয়াই।উক্ত প্ৰবন্ধ সংকলন খন প্ৰকাশৰ দায়িত্বভাৰ গ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে । এই স্মৃতিচাৰণ সভাতে তেখেতৰ আধৰুৱা হৈ থকা কবিতা সংকলন "জীৱন এক প্ৰচণ্ড নিছা" উন্মোচন কৰে মহন দেওধাই বাইলুং সন্মিলন অসমৰ উপ-সভাপতি ৰোহিনী মহনে।
ডামচাও মনোৰঞ্জন ফুকনৰ অৱক্ষয় মূৰ্তি নিৰ্মাণ কৰা হ'ব মন্ত্ৰী যোগেন মহন - টাই ভাষা সাহিত্য সংস্কৃতি
মৰাণৰ চেপন পাটসাঁকোত টাই ভাষা সাহিত্য সংস্কৃতিৰ সাধক ডামচাও মনোৰঞ্জন ফুকনৰ ৰাজহুৱা স্মৃতিচাৰণ সভা সম্পন্ন ৷ তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে মৈদাম স্থলী সংৰক্ষণ কৰাৰ লগতে তেখেতৰ অৱক্ষয় মূৰ্তি নিৰ্মাণৰ কথা ঘোষণা কৰে মন্ত্ৰী যোগেন মহনে ৷
![ডামচাও মনোৰঞ্জন ফুকনৰ অৱক্ষয় মূৰ্তি নিৰ্মাণ কৰা হ'ব মন্ত্ৰী যোগেন মহন ডামচাও মনোৰঞ্জন ফুকনৰ অৱক্ষয় মূৰ্তি নিৰ্মাণ কৰা হ'ব মন্ত্ৰী যোগেন মহন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9482632-thumbnail-3x2-moran.jpg)
এই কবিতা সংকলন খনি প্ৰকাশৰ সম্ভৱ কৰি তুলিছিল পাৰিজাতৰ কেইজনমান হৃদয়ৱান লোকে । ডামচাও মনোৰঞ্জন ফুকনৰ ৰাজহুৱা স্মৃতিচাৰণ সভাত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন উপস্থিত থাকি তেখেতে আহোম জনগোষ্ঠীটোক আগবঢ়াই নিয়াত বহু অৱদান আগবঢ়াই গ'ল বুলি উল্লেখ কৰে লগতে তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে মৈদাম স্থলী সংৰক্ষণ কৰাৰ লগতে তেখেতৰ অৱক্ষয় মূৰ্তি নিৰ্মাণৰ কথা ঘোষণা কৰে ।
চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশৰঞ্জন ঘৰফলীয়া উপস্থিত থাকি বিশিষ্ট তাই পণ্ডিত গৰাকীক স্মৰণ কৰে। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি ড৹ দয়ানন্দ বৰগোহাঞি দেৱে ভাষণ প্ৰদান কৰি কয় পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডামচাও মনোৰঞ্জন ফুকনে টাই ভাষা সাহিত্য সংস্কৃতি আগবঢ়াই নিয়াত ফুকনৰ অৱদান অতুলনীয় বুলি উল্লেখ কৰে । তেখেতৰ সৃষ্টিৰাজি,কৰ্মৰাজি নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰে । আটাছুৰ প্ৰতিষ্ঠাপক সম্পাদক চাও অৰুণ গগৈ দেৱে স্মৃতিচাৰণ সভাত উপস্থিত থাকি ভাষণত কয় টাই পণ্ডিত গৰাকীৰ আধৰুৱা সপোনবোৰ পূৰণৰ ক্ষেত্ৰত নতুন প্ৰজন্মই দায়িত্ব ল'ব লাগিব বুলি উল্লেখ কৰে ।লগতে টাই ভাষা সাহিত্য সংস্কৃতিৰ লগতে অসমীয়া সাহিত্যৰ ভড়াল সমৃদ্ধ কৰাত তেখেতৰ অৱদান অতুলনীয় বুলি উল্লেখ কৰে । লগতে এই স্মৃতিচাৰণ সভাত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈও উপস্থিত থাকে ।
লগতে চাওকঃ অৱশেষত উন্মোচন কৰা হ'ল বিতৰ্কৰ আবৰ্তত সোমাই পৰা জোঙালবলহুৰ মূৰ্তি