ডিব্ৰুগড়, 14 নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু নামৰূপৰ আচাবাম চাহ বাগিচাত কালী পূজাৰ নিশা সংঘটিত হয় বিক্ষিপ্ত ঘটনা ৷ ঘটনাৰ বিৱৰণি অনুসৰি, সোমবাৰে নিশা চাবুৱাৰ জেৰাই দীঘলীবাৰী লাইনত কালী পূজা উপলক্ষে অনুষ্ঠিত হৈছিল জুৱা খেল ৷ সেই জুৱা খেলত বাধা প্ৰদান কৰিছিল বিন্ধাকটা আৰক্ষীয়ে ৷ আৰক্ষীয়ে জুৱা খেলত বাধা দিয়াৰ বাবে একাংশ লোক উত্তেজিত হৈ পৰে ৷ যাৰ ফলত আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপৰ লগতে আৰক্ষীক আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে ৷ ফলত চালকসহ এজন আৰক্ষী জোৱান আহত হয় ৷
আনহাতে নামৰূপৰ আচাবাম চাহ বাগিচাতো অনুৰূপ ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে, কালী পূজাস্থলীত আচাবাম চাহ বাগিচাৰ পূজা কমিটি আৰু একাংশ লোকৰ মাজত প্ৰথমে কাজিয়াৰ সুত্ৰপাত হয় ৷ ঘটনা অনুসৰি, আচাবাম চাহ বাগিচাৰ পূজা কমিটি আৰু একাংশ জুৱাৰীৰ মাজত জুৱা খেল অনুষ্ঠিত কৰা লৈ প্ৰথমে বাক বিতণ্ডাৰ সৃষ্টি হয় ৷ সেই বাক বিতণ্ডাৰ বাবে পৰৱৰ্তী সময়ত দুই পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ ফলত পূজাস্থলীতে দুইপক্ষৰ মাজত শিলগুটি দলিয়াদলিৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এজন কনিষ্টবল আহত হোৱাৰ লগতে আৰক্ষীৰ বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে ৷