ডিব্ৰুগড়, ১৪ অক্টোবৰ :লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা নিৰুদ্দেশ (Lahowal MLA Binod Hazarika) ! যোগাযোগো বিচ্ছিন্ন হৈ আছে বিধায়কজন । ৰাইজৰ প্ৰতিটো সুখ-দুখত ৰাইজৰ সৈতে থকাৰ প্ৰতিশ্ৰুতি দি দিছপুৰলৈ নিৰ্বাচিত হোৱা বিধায়ক হাজৰিকাক বিচাৰি হাহাকাৰ কৰি ফুৰিছে সমষ্টিবাসীয়ে । ক'ত, কেনেকৈ আছে তেওঁলোকৰ প্ৰতিনিধি তাৰ তথ্য নাই কাৰো হাতত ।
ফলত দিনে দিনে বিধায়ক হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পাইছে খহনীয়াগ্ৰস্ত ৰাইজৰ (people Anger against MLA Binod Hazarika) । চহৰখনৰ উপকণ্ঠ মাইজান আৰু নগাঘুলি কছাৰীলাইনত হৈ থকা ভয়াৱহ খহনীয়াই আতংকিত কৰি তুলিছে ডিব্ৰুগড়বাসীক (Erosion of Brahmaputra in Dibrugarh) । এসপ্তাহ ধৰি হৈ থকা ব্ৰহ্মপুত্ৰৰ এই ভয়াৱহ খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহে দুখন বাগিচাৰ হাজাৰ হাজাৰ চাহ শ্ৰমিক ।
অৱশ্যে জলসম্পদ বিভাগ আৰু প্ৰশাসনৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত পূৰ্বতকৈ কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বৰলুইতৰ খহনীয়া । অন্যহাতে, হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰো । মেগা জিঅ'বেগৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও এই ব্যৱস্থাৰ দ্বাৰা কিমান দিনলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ সম্ভৱ সেয়া সময়েহে ক'ব । কিন্তু মাইজান-নগাঘুলিৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনাইছে অসম জাতীয় পৰিষদ (Assam Jatiya Parishad) আৰু অসম চাহ মজদুৰ সংঘই ।