ডিব্ৰুগড়, 30 জুন : ক’ৰণাৰ মহামাৰীৰ মাজতো অসমৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তথা উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) তীব্ৰ আন্দোলন । ক’ভডি নীতি বা SOP জাৰি থকাৰ মাজতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী (student)। এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত নামিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিক লৈ ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিক লৈ সৰৱ বিশ্ববিদ্যালয়ৰ আছু গোট আৰু একাংশ ছাত্ৰ-ছাত্ৰী । চৰকাৰী শিক্ষা-প্ৰতিষ্ঠানৰ অধীনত অধ্যয়নৰ নামতো লক্ষাধিক টকাৰ মাচুল আদায়ক লৈ বিমোৰত ছাত্ৰ-ছাত্ৰী । ছাত্ৰ-ছাত্ৰীৰ অভিযোগ মতে, ২০২০ চনতে বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা কেন্দ্ৰৰ সঞ্চালকে ৫০ শতাংশ মাচুল হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনাৰ দিয়াৰ পিছতো লক্ষাধিক টকা নামভৰ্তিৰ নামত পৰিশোধ কৰিবলগীয়া হৈছে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ বি টেকৰ (B.tech) শিক্ষাৰ্থীসকলে ।
ইয়াকে লৈ মঙলবাৰে প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ আছু গোট আৰু একাংশ শিক্ষাৰ্থী । বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লে’কাৰ্ড প্ৰদৰ্শনেৰে প্ৰতিবাদ কৰিলে বিশ্ববিদ্যালয়ৰ আছু গোটৰ (aasu unit) উদ্যোগত শিক্ষাৰ্থীয়ে ।