নাহৰকটীয়া,3 জানুৱাৰীঃ নৱবৰ্ষৰ আনন্দ উলাহৰ মাজতেই ৰাজ্যৰ ঠায়ে-ঠায়ে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ নাহৰকটীয়াত বছৰটোৰ দ্বিতীয় দিনাও নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীক ক’লা পতাকা প্ৰদৰ্শন কৰে ৷ সমান্তৰালকৈ নলবাৰীত আইনখনৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰ আৰু চৰকাৰী দমন নীতিৰ বিৰুদ্ধে মৰাণ তিনিআলিত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
নাহৰকটীয়াত ক’লা পতাকা প্ৰদৰ্শন সাংসদ ৰামেশ্বৰ তেলীক - নাহৰকটীয়া কা প্ৰতিবাদ
নাহৰকটীয়াত বছৰটোৰ দ্বিতীয় দিনাও নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীক ক’লা পতাকা প্ৰদৰ্শন কৰে ৷
নাহৰকটীয়াত ক’লা পতাকা প্ৰদৰ্শন সাংসদ ৰামেশ্বৰ তেলীক
আনহাতে, গণতান্ত্ৰিক আন্দোলনৰ ভাষা ৰূদ্ধ কৰিব বিচৰা শাসকীয় চৰকাৰখনক প্ৰতিবাদকাৰীসকলে সকীয়নি প্ৰদান কৰি কয় যে, প্ৰতিবাদকাৰীৰ পিঠিত যিমানে আৰক্ষীৰ লাঠিৰ কোব পৰিব গণতান্ত্ৰিক আন্দোলন সিমানে তীব্ৰতৰ হ’ব ৷
লগতে পঢ়ক-অসম ৰাজ্যিক চিৰিয়াখানাত বিশেষ যন্ত্ৰৰ সহায়ত উৎপাদন কৰা হ'ব ঘাঁহ