মৰাণ, 6 অক্টোবৰঃবেতন বঞ্চিত শিক্ষকৰ প্ৰাপ্য বেতন আদায় দি নিয়মীয়া কৰাৰ দাবীৰে মৰাণৰ খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক সমাজে ৷অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ আহ্বানত ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত খোৱাং প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 2 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ ইপিনে, সপ্তম দৰমহা বিধিৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে আদায় দিয়া, 2019 বৰ্ষৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা আদি কেইবাটাও দাবী তোলে শিক্ষক সমাজে ৷
মৰাণৰ খোৱাঙত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ
সপ্তম দৰমহা বিধিৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে আদায় দিয়া,2019 বৰ্ষৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা আদি কেইবাটাও দাবী তোলে শিক্ষক সমাজে ৷
উল্লেখযোগ্য যে, প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিক্ষকৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিভিন্ন সময়ত দাবী তুলি আহিছে যদিও আজি পৰ্যন্ত বঞ্চিত শিক্ষক সকলে চৰকাৰৰ পৰা প্ৰতিশ্ৰুতিৰ বাদে একোৱেই লাভ কৰা নাই বুলি অভিযোগ কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত বঞ্চিত শিক্ষকসকলে পুনৰ তেওঁলোকৰ সাত দফীয়া দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে । আনহাতে,প্ৰতিবাদকাৰী শিক্ষক সমাজে খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ সাত দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।