মৰাণ,16 ফেব্ৰুৱাৰী: দুলীয়াজানত মঙলবাৰে পুৱাৰে পৰা সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ । অইলৰ মটৰ ৱাৰ্কাৰ ইউনিয়নৰ প্ৰতিবাদত স্তব্ধ হ’ল অইল ইণ্ডিয়া লিমিটেডৰ কাম–কাজ । অইলৰ মটৰ ৱাৰ্কাৰ ইউনিয়নে দীৰ্ঘদিনৰ পৰা ঠিকাভিত্তিক শ্ৰমিকসকলৰ জীৱনৰ সুৰক্ষা প্ৰদানৰ বাৰে অইল কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছিল ৷
অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ
অইলৰ মটৰ ৱাৰ্কাৰ ইউনিয়নৰ প্ৰতিবাদত স্তব্ধ হ’ল অইল ইণ্ডিয়া লিমিটেডৰ কাম–কাজ । ঠিকাভিত্তিক শ্ৰমিকসকলৰ জীৱনৰ সুৰক্ষা প্ৰদানৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷
অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে মটৰ ৱাৰ্কাৰ ইউনিয়নৰ প্ৰতিবাদ
এইক্ষেত্ৰত আজিকোপতি কৰ্মচাৰীসকলে কোনো ধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাৰ পৰিপেক্ষিতত মঙলবাৰে পুৱাৰে পৰা শ্ৰমিকসকল ওলাই আহি অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাৰ্যালয় বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী, অইলৰ উদ্যোগিক সুৰক্ষা বাহিনী উক্ত স্থানত মোতায়েন কৰা হৈছে ।
লগতে পঢ়ক: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা